নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

চীনত অভাৱনীয়ভাৱে নিম্নগামী জনসংখ্যা বৃদ্ধিৰ হাৰ

নিয়মীয়া বাৰ্তা ১২ মেঃ বিগত কেইবাদশক ধৰি চীনত জনসংখ্যা বৃদ্ধিৰ হাৰ অতি লেহেমীয়া গতিত চলি আছে৷ যোৱা দশকটোত দেশখনত মাত্র ৭২ নিযুত জনসংখ্যা বৃদ্ধি পাইছে৷ দেশখনৰ বর্তমান জনসংখ্যা হৈছে ১৪১ কোটি৷ আজি প্রকাশ পাইছে দেশখনৰ লোকপিয়লৰ শেহতীয়া তথ্য৷ বিগত এটা দশকতকৈ অধিক কাল ধৰি বার্ষিক জনসংখ্যা বৃদ্ধিৰ হাৰ হৈছে ০.৫৩ শতাংশ৷ ইয়াৰ পূর্বৰ দশকটোত দেশখনত জনসংখ্যা বৃদ্ধিৰ হাৰ আছিল ০.৫৮ শতাংশ৷ স্মর্তব্য যে ১৯৫৩ চনৰ পৰা চীনত জনসংখ্যা বৃদ্ধিৰ হাৰ নিম্নগামী হৈ আহিছে৷

বেইজিং প্রশাসনে এক সন্তানৰ নীতি কঠোৰভাৱে বলৱৎ কৰাৰ ফলতেই জনসংখ্যা বৃদ্ধিৰ হাৰ হ্রাস পাই আহিছে দেশখনত৷ লক্ষণীয়ভাৱে দেশখনত তৰুণ প্রজন্মৰ জনসংখ্যা পূর্বৰ তুলনাত হ্রাস পাই অহা বিষয়টোত শংকিত হৈ ২০১৬ চনত চৰকাৰে এক সন্তানৰ নীতি প্রত্যাহাৰ কৰিছিল৷ ১৯৭০ৰ দশকৰ পৰা পৰিয়ালত এক শিশুৰ নীতি কঠোৰভাৱে বলৱৎ কৰি আহিছিল চীনে৷ কিন্তু শেহতীয়াকৈ চীনত জনসংখ্যা বৃদ্ধিৰ হাৰ নিম্নগামী হোৱা বিষয়টোক লৈ উদ্বেগ প্রকাশ কৰিছে নেচনেল ব্যুৰ’ অৱ ষ্টেটিছটিক্ছ (এনবিএছ)এ৷ এন বি এছৰ তথ্য অনুসৰি যোৱা বছৰটোত দেশখনত মাত্র ১২ নিযুত শিশুৰ জন্ম হৈছে৷

You might also like