🔹 কেদাৰনাথত দুৰ্ঘটনা -ত পতিত হেলিকপ্টাৰ
🔹 গৌৰীকুণ্ডৰ অৰণ্যত পাইলটসহ ৭জন যাত্ৰীৰ মৃত্যু
নিউজ ডেস্ক, ১৫ জুন : উত্তৰাখণ্ডৰ এক দুৰ্গম অঞ্চলত আজি এখন হেলিকপ্টাৰ দুৰ্ঘটনাগ্ৰস্ত হৈ পাইলটসহ কমেও ৭জন লোক নিহত হয়। কেদাৰনাথলৈ যোৱাৰ পথত দুৰ্ঘটনাত পতিত হয় হেলিকপ্টাৰখন। হেলিকপ্টাৰখন ডেৰাডুনৰ পৰা কেদাৰনাথলৈ যোৱাৰ পথত গৌৰীকুণ্ডৰ অৰণ্যত দুৰ্ঘটনাত পতিত হয়। আৰিয়ান এভিয়েচন প্ৰাইভেট লিমিটেডৰ হেলিকপ্টাৰখন কেদাৰঘাটীৰ গৌৰীকুণ্ড আৰু ত্ৰিজুগিনাৰায়ণৰ মাজত দুৰ্ঘটনাগ্ৰস্ত হৈ অগ্নিকাণ্ড সংঘটিত হয়।
উত্তৰাখণ্ড অসামৰিক বিমান পৰিবহণ উন্নয়ন প্ৰাধিকৰণৰ তথ্য অনুসৰি, কেদাৰনাথৰ পৰা গুপ্তকাশী অভিমুখে প্ৰায় ৫.৩০ বজাত হেলিকপ্টাৰখন উৰা মাৰিছিল যদিও উৰণৰ কিছু সময়ৰ পিছতে দুৰ্ঘটনাগ্ৰস্ত হয়। ৰুদ্ৰপ্ৰয়াগ জিলা দুৰ্যোগ ব্যৱস্থাপনা বিষয়া নন্দন সিং ৰাজৱৰে সংবাদ মাধ্যমৰ আগত জনোৱা মতে, বেয়া বতৰৰ বাবে গৌৰীকুণ্ডৰ বনাঞ্চলৰ ওপৰত সংঘটিত হয় এই দুৰ্ঘটনা।
মহাপৰিদৰ্শক (গড়ৱাল ৰেঞ্জ) ৰাজীৱ স্বৰূপে দুৰ্ঘটনাটো নিশ্চিত কৰি কয় যে দুৰ্ঘটনা সংঘটিত হোৱা স্থানটো অতি দুৰ্গম অঞ্চল। তেওঁ আৰু কয় যে আৰক্ষী আৰু ৰাজ্যিক দুৰ্যোগ ব্যৱস্থাপনা বাহিনী (এছডিআৰএফ)ৰ দলসমূহক উক্ত স্থানলৈ প্ৰেৰণ কৰা হৈছে।
উত্তৰাখণ্ডৰ মুখ্যমন্ত্ৰী পুষ্কৰ সিং ধামীয়ে ছ’চিয়েল মিডিয়া প্লেটফৰ্ম ‘এক্স’ত এই ঘটনাৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰি কয় যে ৰুদ্ৰপ্ৰয়াগ জিলাত হেলিকপ্টাৰ দুৰ্ঘটনা সম্পৰ্কে অতি দুখজনক খবৰ পোৱা গৈছে। এছডিআৰএফ, স্থানীয় প্ৰশাসন আৰু অন্যান্য উদ্ধাৰকাৰী দলে সাহায্য আৰু উদ্ধাৰ অভিযানত নিয়োজিত হৈ আছে। সকলো যাত্ৰীৰ সুৰক্ষাৰ বাবে বাবা কেদাৰৰ ওচৰত প্ৰাৰ্থনা জনাইছোঁ।
ইয়াৰ পূৰ্বে যোৱা ৮ মে’ত উত্তৰকাশী জিলাত গংগোত্ৰী ধাম অভিমুখী পথত এখন হেলিকপ্টাৰ দুৰ্ঘটনাগ্ৰস্ত হৈ ৬জন লোকৰ মৃত্যু হৈছিল। অতি শেহতীয়াকৈ ৭ জুনত কেদাৰনাথলৈ যোৱা আন এখন হেলিকপ্টাৰ উৰণৰ কিছু সময়ৰ পিছতে কাৰিকৰী বিজুতিৰ বাবে এটা পথত জৰুৰীকালীনভাৱে অৱতৰণ কৰিবলগীয়া হৈছিল। এইটো ঘটনাত পাইলটজন আহত হোৱাৰ বিপৰীতে হেলিকপ্টাৰখনত থকা পাঁচোজন ভক্তক নিৰাপদে উদ্ধাৰ কৰা হয়।
উত্তৰাখণ্ডত শেহতীয়াকৈ সংঘটিত হোৱা হেলিকপ্টাৰ দুৰ্ঘটনালৈ লক্ষ্য কৰি মুখ্যমন্ত্ৰী পুষ্কৰ সিং ধামীয়ে ৰাজ্যখনত হেলিকপ্টাৰ অভিযান সন্দৰ্ভত কঠোৰ নিৰ্দেশনা জাৰি কৰিবলৈ নিৰ্দেশ দিছে। মুখ্যমন্ত্ৰী ধামীয়ে উল্লেখ কৰে যে হেলিকপ্টাৰ সেৱাৰ বাবে এক বিস্তৃত ষ্টেণ্ডাৰ্ড অপাৰেটিং প্ৰচিডিউৰ (এছ অ’ পি) প্ৰস্তুত কৰিব লাগে, যাৰ ফলত উৰণৰ পূৰ্বে প্ৰতিখন বিমানৰ সম্পূৰ্ণ কাৰিকৰী পৰীক্ষা কৰা আৰু বতৰৰ সঠিক তথ্য লাভ কৰাটো বাধ্যতামূলক হ’ব।
তেওঁ মুখ্য সচিবক কাৰিকৰী আৰু সুৰক্ষাৰ দিশৰ বিশদ পৰ্যালোচনাৰ অন্তত এছ অ’ পিৰ খচৰা প্ৰস্তুত কৰিবলৈ কাৰিকৰী বিশেষজ্ঞৰ এখন সমিতি গঠন কৰিবলৈ নিৰ্দেশ দিছে। তেওঁৰ মতে, ৰাজ্যখনত হেলিকপ্টাৰ সেৱা যাতে নিৰাপদ, স্বচ্ছ পদ্ধতিৰে আৰু নিৰ্ধাৰিত মানৰ সম্পূৰ্ণ নিয়ম মানি চলে, সেয়া নিশ্চিত কৰিব এই সমিতিখনে।