নিয়মীয়া বাৰ্তা, ১৩ জুনঃ প্রধানমন্ত্রী নৰেন্দ্র মোদীৰ আত্মনির্ভৰ ভাৰতৰ আন এক পদক্ষেপ হিচাপে আজি ভাৰতীয় উপকূলৰক্ষীত দেশীয়ভাৱে নির্মাণ কৰা তিনিখন এডভাঞ্চ লাইট হেলিকপ্টাৰ (এএলএইচ) এম কে–থ্রী অন্তর্ভুক্ত কৰা হৈছে৷
কেন্দ্রীয় প্রতিৰক্ষা সচিব ড০ অজয় কুমাৰে এই তিনিখন অত্যাধুনিক হেলিকপ্ঢাৰ ভাৰতীয় উপকূলৰক্ষীত অন্তর্ভুক্ত কৰা হৈছে বুলি প্রকাশ কৰিছে৷ এএলএইচ এম কে–থ্রীৰ অংশ হিচাপে উপকূলৰক্ষীত অন্তর্ভুক্ত কৰা এই অত্যাধুনিক হেলিকপ্টাৰকেইখন ভুবনেশ্বৰ, পোৰবন্দৰ, কোচি আৰু চেন্নাইত থকা উপকূলৰক্ষী স্কোৱাডনত মোতায়েন কৰা হ’ব৷
দিল্লীৰ ভাৰতীয় উপকূলৰক্ষী মুখ্য কার্যালয় আৰু হিন্দুস্তান এৰ’নেটিকছ লিমিটেডৰ হেলিকপ্টাৰ এম আৰ ডি ডিভিজনত সমান্তৰালকৈ ভার্চুৱেলী এই অন্তর্ভুক্তিৰ কার্যসূচী সমাপন কৰা হয়৷ কার্যসূচীত ভাৰতীয় উপকূলৰক্ষীৰ সঞ্চালকপ্রধান কে নটৰাজন আৰু হিন্দুস্তান এৰ’নেটিক লিমিটেডৰ চিএমডি আৰ মাধৱন উপস্থিত থাকে৷
বাংগালুৰুস্থিত হিন্দুস্তান এৰ’নেটিক লিমিটেডে দেশীয়ভাৱে এই হেলিকপ্টাৰ নির্মাণ কৰিছে৷ এই হেলিকপ্টাৰকেইখনৰ ৰাডাৰকে ধৰি অত্যাধুনিক অস্ত্র–শস্ত্র সংযুক্ত হৈ আছে৷