নিয়মীয়া বাৰ্তা ৬ মেঃ জম্মু-কাশ্মীৰৰ পুলৱামাত ভাৰতীয় সেনাৰ ব্যাপক সফলতা । বুধবাৰে সেনাই অভিযান চলাই হিজবুল মুজাহিদিনৰ সক্ৰিয় সন্ত্ৰাসবাদী তথা জম্মু-কাশ্মীৰৰ কামাণ্ডাৰ ৰিয়াজ নায়কুক হত্যা কৰে । উল্লেখ্য যে ৰিয়াজ নায়কুৰ বিৰুদ্ধে ১২ লাখ টকাৰ পুৰষ্কাৰ ঘোষণা কৰা আছিল ।
প্ৰাপ্ত খবৰ অনুসৰি, সেনাৰ 50RR, CRPF ৰ 185BN আৰু জম্মু আৰক্ষীৰ যুটীয়া দলে শাৰশালী অঞ্চলত বুধবাৰে চাৰিওফালৰ পৰা আগুৰি লৈ অভিযান চলাইছিল । যাৰ পাছতে সন্ত্ৰাসবাদী আৰু সুৰক্ষা বলৰ মাজত ব্যাপক গুলীয়াগুলীৰ সৃষ্টি হয় ।
উল্লেখ্য যে নিহত হিজবুল কামাণ্ডাৰ ৰিয়াজে বিগত ৮ বছৰৰ পৰা জম্মু উপত্যকাত সন্ত্ৰাসৰ সৃষ্টি কৰিছিল । সন্ত্ৰাসবাদীজনৰ মৃত্যুৰ পাছতে সেনাই দক্ষিণ কাশ্মীৰ সন্ত্ৰাস মুক্ত বুলি প্ৰকাশ কৰিছে । গোপন সূত্ৰৰ খবৰৰ ভিত্তিত সেনাৰ এই অভিযান মঙলবাৰে নিশাৰ পৰাই আৰম্ভ হৈছিল ।
ইয়াৰ ওপৰি বুধবাৰে অৱন্তিপুৰাৰ শাৰশালী অঞ্চলত দুই অন্য সন্ত্ৰাসবাদী সেনাৰ হাতত নিহত হয় ।
আনফালে অৱন্তিপুৰাতো সেনা-আৰক্ষীয়ে সন্ত্ৰাসবাদীৰ বিৰুদ্ধে অভিযান চলাই আছে ।
ইয়াৰ পূৰ্বে পুলৱামা জিলাৰ অৱন্তিপুৰাৰ দক্ষিণ অঞ্চলত সেনাই আৰু সন্ত্ৰাসবাদীৰ মাজত হোৱা সংঘৰ্ষত ৩ টা সন্ত্ৰাসবাদীক হত্যা কৰিবলৈ সক্ষম হৈছিল ।
Contact established in the third operation at #Beighpors #Awantipur. Top terrorist commander is trapped. Exchange of fire on. Details shall follow.. https://t.co/umZv0JgVbs
— J&K Police (@JmuKmrPolice) May 6, 2020