নিয়মীয়া বাৰ্তা, ১৭ মাৰ্চঃ ভাৰতীয় বায়ুসেনাৰ মিগ-২১ বিমান দুৰ্ঘটনাগ্ৰস্ত। বায়ু সেনাই আজি এক বিবৃতি জাৰি কৰি কয় যে মিগ-২১ বিমানখন মধ্য ভাৰতৰ এটা এয়াৰবেচৰ পৰা যুঁজাৰু প্ৰশিক্ষণ অভিযানৰ বাবে প্ৰস্থান কৰাৰ সময়তে দুৰ্ঘটনাগ্ৰস্ত হৈছিল।
দুৰ্ঘটনাত ভাৰতীয় বায়ু সেনাৰ গ্ৰুপ কেপ্টেইন এ গুপ্তা শ্বহীদ হৈছিল। ইতিমধ্যে বায়ুসেনাই দুৰ্ঘটনাটোৰ কাৰণ নিশ্চিত কৰিবলৈ তদন্তৰ নিৰ্দেশ দিছে।
ভাৰতীয় বায়ু সেনাই টুইট কৰি ঘটনাটোৰ ওপৰত শোক প্ৰকাশ কৰে। ভাৰতীয় বায়ু সেনাই টুইটত কয়, “এই দুখজনক দুৰ্ঘটনাটোত গ্ৰুপ কেপ্টেইন এ গুপ্তাক হেৰুৱাইছে। ভাৰতীয় বায়ু সেনাই গভীৰ সমবেদনা প্ৰকাশ কৰিছে আৰু এনে দুখৰ সময়ত গুপ্তাৰ পৰিয়ালৰ সদস্যসকলৰ কাষত আছে।”
A MiG-21 Bison aircraft of IAF was involved in a fatal accident this morning, while taking off for a combat training mission at an airbase in central India.
— Indian Air Force (@IAF_MCC) March 17, 2021