নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

এইবাৰ ভাৰতৰ অভ্যন্তৰত নির্মাণ কৰা হ’ব ৯৬খন যুদ্ধ বিমান

নিয়মীয়া বাৰ্তা, ১৩ জুন: এইবাৰ ভাৰতৰ অভ্যন্তৰতেই নির্মাণ হ’ব যুদ্ধ বিমান৷ ভাৰতীয় বায়ুসেনাৰ তৰফৰ পৰা উল্লেখ কৰা অনুসৰি প্রায় ১০০খন যুদ্ধ বিমান দেশৰ মাটিতেই নির্মাণ কৰা হ’ব৷ ‘আত্মনির্ভৰ ভাৰত’ গঢ়ি তুলিবলৈ এনে পদক্ষেপ গ্রহণ কৰা হৈছে৷ যুদ্ধ বিমান নির্মাণৰ ক্ষেত্রত বিদেশৰ সহায় গ্রহণ কৰা হ’ব পাৰে৷ ভাৰতীয় ধনেৰেই বিমান নির্মাণ কৰা হ’ব বুলি দাবী কৰিছে বায়ুসেনাৰ এগৰাকী বিষয়ববীয়াই৷

সংবাদ মাধ্যমক বায়ুসেনাৰ বিষয়ববীয়াগৰাকীয়ে জনোৱা অনুসৰি ১১৪খন যুদ্ধ বিমানৰ প্রয়োজন আছে৷ ইয়াৰ ভিতৰত ৯৬খন ভাৰতৰ মাটিত নির্মাণ কৰা হ’ব৷ লক্ষণীয়ভাৱে ভাৰতীয় সংস্থাৰ সৈতে যৌথভাৱে বিদেশী বিমান নির্মাণকাৰী সংস্থাই এই বিমানবোৰ ভাৰতৰ অভ্যন্তৰতে নির্মাণ কৰিব৷ অৱশ্যে ইয়াৰ পূর্বে ১৮খন যুদ্ধ বিমান বিদেশৰ পৰা আমদানি কৰিব ভাৰতে৷

You might also like