নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

মহাকাশৰ পৰা অহা ৰহস্যময় ৰেডিঅ’ সংকেতক লৈ জ্যোতির্বিজ্ঞানত ব্যাপক চর্চা

নিয়মীয়া বাৰ্তা, ১৩ জুন: মহাকাশত কত যে ৰহস্য লুকাই আছে তাৰ সিংহভাগেই মানুহৰ বাবে আজিও অজানা৷ শেহতীয়াকৈ এক নতুন ৰহস্যৰ সংকেত পাইছে জ্যোতির্বিজ্ঞানীসকলে৷ মহাকাশৰ পৰা এক ৰহস্যময় ৰেডি’ সংকেত লাভ কৰিছে বিজ্ঞানীসকলে৷ এতিয়া ইয়াক লৈ আৰম্ভ হৈছে ব্যাপক চর্চা৷ প্রায় ৩০০ কোটি আলোকবর্ষ দূৰৰ অন্য এক নক্ষত্র মণ্ডলৰ পৰা এই ৰেডিঅ’ সংকেতটো পোৱা গৈছে৷

ৰেডিঅ’ সংকেতটোৰ নাম ৰখা হৈছে এফআৰবি ‘২০১৯০৫২০বি’৷ এই ৰহস্যময় ৰেডিঅ’ সংকেতক লৈ গৱেষণা সংক্রান্তীয় বিভিন্ন তথ্য শেহতীয়াকৈ বিজ্ঞান জার্নাল ‘নেছাৰ’ত প্রকাশ কৰা হৈছে৷ এতিয়ালৈকে মহাকাশৰ পৰা এইধৰণৰ দ্বিতীয়বাৰ ৰেডি’ সংকেত লাভ কৰিছে জ্যোতির্বিজ্ঞানীসকলে৷ ২০০৭ চনত প্রথমবাৰ এনে এক ৰেডিঅ’ সংকেত ধৰা পেলাবলৈ সক্ষম হৈছিল বিজ্ঞানীসকলে৷ ‘স্পেচ ডট কম’ৰ খবৰ অনুসৰি প্রথমবাৰ ৰেডিঅ’ সংকেত ধৰা পেলাইছিল দুগৰাকী জ্যোতির্বিজ্ঞানৰ স্নাতক শিক্ষার্থীয়ে৷ কিন্তু এই ধৰণৰ ৰেডিঅ’ সংকেত সম্পর্কে কোনো স্পষ্ট ধাৰণা নাই আজিও জ্যোতির্বিজ্ঞানীসকলৰ৷ সেইবাবে ইয়াক লৈ চলাই থকা হৈছে গৱেষণা৷

প্রাথমিক ধাৰণা অনুসৰি মহাজাগতিক বস্তুৰ পৰা একাধিক বিস্ফোৰণৰ ফলত এইধৰণৰ ৰেডিঅ’ সংকেত পোৱা যায়৷ কিন্তু এয়াই সত্য বুলি মানি ল’ব পৰা নাই জ্যোতির্বিজ্ঞানীসকলেও৷ গতিকে ইয়াক লৈ কেৱল ৰহস্য অব্যাহত আছে বিজ্ঞানীসকলৰ মাজত৷

You might also like