বেদখলত থকা চৰকাৰী ভূমি জৰীপৰ নির্দেশ মুখ্যমন্ত্রীৰ
নিয়মীয়া বাৰ্তা ১০ আগষ্টঃ মুখ্যমন্ত্রী সর্বানন্দ সোণোৱালে দেওবাৰে ৰাজহ আৰু দুর্যোগ ব্যৱস্থাপনা বিভাগক সমগ্র ৰাজ্যখনতে থকা চৰকাৰী ভূমিৰ বিস্তৃত জৰীপকার্য চলোৱাৰ বাবে এক গুৰুত্বপূর্ণ নির্দেশনা প্রদান কৰিছে৷ চৰকাৰী ভূমিৰ বেদখল সম্বন্ধে এক বিস্তাৰিত প্রতিচ্ছবি লাভ কৰাৰ উদ্দেশ্যে এই নির্দেশ প্রদান কৰা হৈছে৷ খাৰঘুলিস্থিত চৰকাৰী বাসভৱনত মুখ্য সচিব কুমাৰ সঞ্জয় কৃষ্ণ, গৃহ, ৰাজনৈতিক, ৰাজহ আৰু দুর্যোগ ব্যৱস্থাপনা বিভাগৰ দায়িত্ব থকা অতিৰিক্ত মুখ্য সচিব জিষ্ণু বৰুৱা তথা অন্যান্য শীর্ষস্থানীয় বিষয়াৰ উপস্থিতিত অনুষ্ঠিত এখন গুৰুত্বপূর্ণ বৈঠকত মুখ্যমন্ত্রীয়ে এই নির্দেশনা প্রদান কৰে৷ উল্লেখ্য যে ৰাজ্যৰ ৩৩খন জিলাৰ উপায়ুক্তসকলক তেওঁলোকৰ সংশ্লিষ্ট জিলাসমূহত থকা চৰকাৰী ভূমিৰ বিস্তৃত জৰীপকার্য চলোৱাৰ বাবে নির্দেশনা দিয়া হ’ব, যাতে কিমান চৰকাৰী ভূমিত বেদখল হৈ আছে, তাৰ বিষয়ে এক উপয়ুক্ত প্রতিচ্ছবি লাভ কৰিব পৰা যায়৷ সংশ্লিষ্ট জিলাৰ উপায়ুক্তসকলে এই জৰীপকার্য অগ্রাধিকাৰ ভিত্তিত সম্পন্ন কৰি ৰাজ্য চৰকাৰৰ ৰাজহ আৰু দুর্যোগ ব্যৱস্থাপনা বিভাগক দাখিল কৰিব, যাতে চৰকাৰী ভূমিৰ বেদখলকাৰীৰ বিৰুদ্ধে পৰৱর্তী পর্যায়ত পদক্ষেপ ল’ব পাৰে৷