নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

দেশৰ সকলো স্থানতে উপলব্ধ হ’ব লাগিব ভেকচিন

ৰাজ্যলৈ কেন্দ্রৰ কঠোৰ নির্দেশনা

নিয়মীয়া বাৰ্তা ১১ জানুৱাৰীঃ আগন্তুক ১৬ জানুৱাৰীৰ পৰা দেশজুৰি ক’ৰোনা ভাইৰাছ মহামাৰী প্রতিৰোধী ভেকচিন প্রদান আনুষ্ঠানিকভাৱে মুকলি হ’ব বুলি কালি কেন্দ্রীয় চৰকাৰে ঘোষণা কৰাৰ পাছতে দেশবাসীৰ বাবে এয়া এক উৎসাহজনক খবৰ হিচাপে বিবেচিত হৈছে৷ ক’ভিডৰ গণ টিকাকৰণৰ বাবে কেন্দ্রীয় চৰকাৰে তাৰিখ ঘোষণা কৰাৰ পাছতে আজি ৰাজ্য তথা কেন্দ্রীয়শাসিত অঞ্চলসমূহৰ প্রশাসকসকলৰ সৈতে চৰকাৰে এক ভিডি’ কনফাৰেঞ্চ বৈঠক আয়োজন কৰি টিকাকৰণ সন্দর্ভত নির্দেশাৱলী ঘোষণা কৰিছে৷ কোউইন ছফ্টৱেৰযোগে আজি এই ভিডি’ কনফাৰেঞ্চৰ আয়োজন কৰে কেন্দ্রীয় চৰকাৰে৷ এই গুৰুত্বপূর্ণ বৈঠকত অধ্যক্ষতা কৰে ক’ভিড প্রতিৰোধী ডাটা মেনেজমেণ্ট তথা এম্পাৱার্ড গ্রুপৰ অধ্যক্ষ ৰামসেৱক শর্মাই৷ উল্লেখনীয় যে শর্মা হৈছে ক’ভিড–১৯ ভেকচিন এডমিনিষ্ট্রেটনৰ ৰাষ্ট্রীয় বিশেষজ্ঞ গোটৰ এগৰাকী সদস্য৷ এই বৈঠকত ৰাজ্যসমূহৰ প্রধান সচিব, এন এইচ এম মিছন সঞ্চালক, ৰাজ্যিক সংক্রামক ৰোগ প্রতিৰোধী বিষয়া তথা স্বাস্থ্য মন্ত্রালয়ৰ জ্যেষ্ঠ বিষয়াসকল উপস্থিত থাকে৷ ক’ভিড ভেকচিন প্রদানৰ আখৰাৰ পৰা আৰম্ভ কৰি পৰৱর্তী সময়ৰ গণ টিকাকৰণলৈ কোউইন ছফ্টৱেৰ কেনেদৰে ব্যৱহাৰ হ’ব, সেই সন্দর্ভত প্রথমতে সবিশেষ আলোচনা কৰা হয় বৈঠকত৷ বৈঠকত উপস্থিত বিষয়ববীয়াসকলক সম্বোধি ৰামসেৱক শর্মাই কয় যে ক’ভিড টিকাকৰণ প্রক্রিয়া হ’ব নাগৰিককেন্দ্রিক৷ দেশৰ সকলো স্থানতে যিকোনো সময়তে এই ক’ভিড ভেকচিন উপলব্ধ হ’ব লাগিব বুলিও উল্লেখ কৰে শর্মাই৷ গণ টিকাকৰণ প্রক্রিয়া আৰম্ভ হ’লে বিষয়টোত কোনোধৰণৰ বাধাৰ সৃষ্টি নহ’ব বুলিও আশা প্রকাশ কৰিছে বিষয়ববীয়াগৰাকীয়ে৷ ইতিমধ্যে ক’ভিডৰ টিকাকৰণৰ বাবে প্রস্তুতি তুংগত উঠিছে দেশজুৰি৷

You might also like