নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

ক’ৰোনাকালত ১৫০ দেশক সহায় কৰিছে ভাৰতে

নিয়মীয়া বাৰ্তা, ২৯ জানুৱাৰীঃ বিশ্বৰ বিভিন্ন দেশৰ লোকে ভাবিছিল ক’ভিড–১৯ৰ দ্বাৰা ভাৰত বেয়াকৈ ক্ষতিগ্রস্ত হৈছে আৰু ক’ৰোনা ভাইৰাছ সংক্রমণৰ ছুনামিৰ সন্মুখীন হৈছে৷ ক’ৰোনা ভাইৰাছৰ ছুনামিৰ সম্ভাৱনা সত্ত্বেও ভাৰতে ভাইৰাছটোক প্রতিহত কৰিবলৈ সক্ষম হোৱাই নহয়, বিশ্বৰ ১৫০তকৈ অধিক দেশক সহায় কৰিছে৷ এই মন্তব্য প্রধানমন্ত্রী নৰেন্দ্র মোদীৰ৷

ডাভোছত অনুষ্ঠিত ৱ’ল্ড ইক’নমিক ফ’ৰামত সম্বোধন কৰি প্রধানমন্ত্রী মোদীয়ে এই মন্তব্য আগবঢ়াই কয় যে ভাৰতে দুসপ্তাহৰ কম সময়ৰ ভিতৰতে ২.৩ নিযুত স্বাস্থ্যকর্মীক ক’ভিড–১৯ টিকাকৰণ কৰিবলৈ সক্ষম হৈছে৷ পৰৱর্তী কিছুমাহৰ ভিতৰতে দেশে ৩০০ নিযুত বয়োজ্যেষ্ঠ লোক আৰু বহু ৰোগত আক্রান্ত লোকক ক’ভিড–১৯ টিকাকৰণ কৰাৰ লক্ষ্যত উপনীত হ’ব৷

You might also like