চীনক সকীয়াই হাইপাৰছ’নিক মিছাইল পৰীক্ষণ ভাৰতৰ
নিয়মীয়া বাৰ্তা ৮ ছেপ্টেম্বৰঃ বিশ্বৰ হাইপাৰছ’নিক মিছাইল ক্লাবত অন্তর্ভুক্ত হ’ল ভাৰত৷ আমেৰিকা যুক্তৰাষ্ট্র, ৰাছিয়া আৰু চীনৰ পাছত হাইপাৰছ’নিক প্রযুক্তিৰ সফল পৰীক্ষণ কৰিলে ভাৰতে৷ ওড়িশাৰ বালাচৰৰ এ পি জে আব্দুল কালাম পৰীক্ষণ কেন্দ্রত সোমবাৰে পুৱা ১১.০৩ বজাত হাইপাৰছ’নিক টেষ্ট ডেমনষ্ট্রেটৰ ভেহিকলৰ (এইচ এছ টি ডি ভি) সফল পৰীক্ষণ কৰি ভাৰতে এক মাইলৰ খুঁটি স্থাপন কৰিলে৷ ডিফেন্স ৰিছার্চ এণ্ড ডেভেলপমেণ্ট অর্গেনাইজেচনৰ (ডি আৰ ডি অ’) দ্বাৰা বিকশিত দেশীয়ভাৱে নির্মিত এইচ এছ টি ডি ভি অগ্ণি মিছাইল বুষ্টাৰ ৫ মিনিটৰ বাবে ব্যৱহাৰ কৰি সফল পৰীক্ষণ সম্পন্ন কৰে৷ অগ্ণি মিছাইল বুষ্টাৰেৰে হাইপাৰছ’নিক ভেহিকলক ৩০ কিলোমিটাৰ উচ্চতালৈ নি পৃথক কৰি দিয়ে৷ ইয়াৰ পাছতেই ভেহিকল মুকলি হয় আৰু স্ক্রেমজেট ইঞ্জিন সফলতাৰে নিক্ষেপ কৰে৷ এইচ এছ টি ডি ভিৰ সফল পৰীক্ষণৰ পাছত ডি আৰ ডি অ’ৰ মুৰব্বী সতীশ ৰেড্ডীয়ে কয় যে এই সফল পৰীক্ষণৰ অর্থ এয়াই যে ডি আৰ ডি অ’ৰ স্ক্রেমজেট ইঞ্জিনৰ সৈতে হাইপাৰছ’নিক মিছাইল বিকাশৰ ক্ষমতা ডি আৰ ডি অ’ৰ আছে৷ পৰৱর্তী ৫ বছৰৰ ভিতৰত এই মিছাইল বিকশিত হ’ব, যিয়ে প্রতি ছেকেণ্ডত ২ কিলোমিটাৰতকৈ অধিক বেগত ভ্রমণ কৰিব৷ হাইপাৰছ’নিক প্রযুক্তিৰ সফল পৰীক্ষণৰ পাছতেই ডি আৰ ডি অ’ৰ এই ঐতিহাসিক কৃতিত্বক ভূয়সী প্রশংসা কৰে কেন্দ্রীয় প্রতিৰক্ষা মন্ত্রী ৰাজনাথ সিঙে৷ প্রতিৰক্ষা মন্ত্রী সিঙে টুইটাৰযোগে কয় যে ডি আৰ ডি অ’ৱে দেশীয়ভাৱে বিকশিত স্ক্রেমজেট প্র’পালচন ছিষ্টেম ব্যৱহাৰ কৰি এইচ এছ টি ডি ভি সফল পৰীক্ষণ কৰিলে৷ এই সফলতাৰ পাছত সকলো জটিল প্রযুক্তি এতিয়া পৰৱর্তী পর্যায়ৰ বাবে আগবাঢ়ি গ’ল৷ ডি আৰ ডি অ’ৰ এই ঐতিহাসিক সফলতাই প্রধানমন্ত্রী নৰেন্দ্র মোদীৰ আত্মনির্ভৰ ভাৰতৰ ভিজনক আগবঢ়াই নিব৷ এই পৰীক্ষণত জড়িত সকলো বিজ্ঞানীক অভিনন্দন জনায় প্রতিৰক্ষা মন্ত্রীগৰাকীয়ে৷