নিয়মীয়া বাৰ্তা ৮ ছেপ্টেম্বৰঃ অভূতপূর্বভাৱে বৃদ্ধি পাইছে অসমত সাক্ষৰতাৰ হাৰ৷ মাত্র এটা দশকৰ ভিতৰত সাক্ষৰতাৰ নিৰিখত দেশৰ ২৬সংখ্যক ৰাজ্যৰ পৰা ২১টা স্থান আগুৱাই পঞ্চম স্থানলৈ উন্নত হৈছে অসম৷ ক’ৰোনাকালৰ উদ্বিগ্ণতা ম্লান কৰি ৰাজ্যৰ বাবে এই সুখবৰ কঢ়িয়াই আনিছে ৰাষ্ট্রীয় পৰিসংখ্যা বিভাগে৷ উল্লেখ্য যে ২০১১ চনৰ লোকপিয়ল অনুসৰি অসমত সাক্ষৰতাৰ হাৰ আছিল ৭২.২ শতাংশ৷ কিন্তু সদ্যপ্রকাশিত ৰাষ্ট্রীয় নমুনা সমীক্ষাৰ প্রতিবেদনত দেখা গ’ল– অসমৰ সাক্ষৰতাৰ হাৰ ৮৫.৯ শতাংশলৈ বৃদ্ধি পাইছে৷ ২০১১ চনত অসম দেশৰ ২৮ নম্বৰ ৰাজ্য আছিল আৰু এতিয়া ২০২০ চনৰ পৰিসংখ্যাত সাক্ষৰতাৰ হাৰত অসম দেশৰ পঞ্চম স্থান দখল কৰিবলৈ সক্ষম হ’ল৷ মন কৰিবলগীয়া যে ৰাষ্ট্রীয় পৰিসংখ্যা বিভাগে ‘হাউছহোল্ড ছ’চিয়েল কনজামচন ঃ এডুকেচন ইন ইণ্ডিয়া’ শীর্ষক প্রতিবেদনখন প্রকাশ কৰিছে যদিও ২০১৭ চনৰ জুলাই মাহৰ পৰা ২০১৮ চনৰ জুন মাহলৈকে চলোৱা সমীক্ষাৰ আধাৰত অসমৰ এই সাফল্য নথিভুক্ত হৈছে৷ সন্তোষজনক কথাটো হৈছে সামগ্রিকভাৱে অসমত মহিলা আৰু পুৰুষ উভয় শাখাতেই সাক্ষৰতাৰ হাৰ ব্যাপক হাৰত বৃদ্ধি পোৱা পৰিলক্ষিত হৈছে৷ ২০১১ চনৰ লোকপিয়ল অনুসৰি অসমত পুৰুষ আৰু মহিলাৰ সাক্ষৰতাৰ হাৰ আছিল ক্রমে ৭৭.৮ আৰু ৬৬.৩ শতাংশ৷ ২০২০ চনৰ পৰিসংখ্যাত দেখা গৈছে অসমত পুৰুষ আৰু মহিলাৰ সাক্ষৰতাৰ হাৰ বৃদ্ধি পালে ক্রমে ৯০.১০ আৰু ৮০.২০ শতাংশলৈ৷ উল্লেখ্য যে ৰাজ্যৰ ৭ বছৰৰ ঊর্ধ্বৰ লোকৰ মাজত ৰাষ্ট্রীয় পৰিসংখ্যা বিভাগে এই সমীক্ষা চলাইছিল৷ লক্ষণীয়ভাৱে ২০১১ চনৰ দৰে শেহতীয়া ২০২০ চনৰ সমীক্ষাতো দেশৰ আটাইতকৈ সাক্ষৰতাৰ হাৰ বেছি থকা ৰাজ্যখন হৈছে কেৰালা৷ ২০১১ চনতো কেৰালাত সাক্ষৰতাৰ হাৰ আছিল ৯৬.২ শতাংশ আৰু শেহতীয়া সমীক্ষাতো দেখা গ’ল ৰাজ্যখনত সাক্ষৰতাৰ হাৰ ৯৬.২ শতাংশ অটুট আছে৷ পিছে দ্বিতীয়, তৃতীয়, চতুর্থ আৰু পঞ্চম স্থানত নতুন নতুন ৰাজ্যই উন্নত ফল প্রদর্শন কৰা পৰিলক্ষিত হৈছে৷ ২০১১ চনত সাক্ষৰতাৰ হাৰত দেশৰ দ্বিতীয়খন ৰাজ্য আছিল লাক্ষাদ্বীপ (৯১.৮)৷ ২০২০ৰ পৰিসংখ্যাত দ্বিতীয় স্থান লাভ কৰিছে দিল্লীয়ে (৮৮.৭)৷ পূর্বতে তৃতীয় স্থানত আছিল মিজোৰাম (৯১.৩) আৰু এইবাৰ তৃতীয় স্থান দখল কৰিছে উত্তৰাখণ্ডই (৮৭.৬)৷ চতুর্থ স্থানত আছিল গোৱা (৮৮.৭) আৰু এইবাৰ উক্ত স্থান লাভ কৰিছে হিমাচল প্রদেশে (৮৬.৬)৷ ২০১১ চনত পঞ্চম স্থানত উত্তৰ পূর্বাঞ্চলৰ ত্রিপুৰা (৮৭.২) আছিল যদিও এইবাৰ এই স্থান দখল কৰিছে অসমে৷ তালিকাৰ অন্তিম ৫ স্থানতো ব্যাপক সালসলনি হোৱা পৰিলক্ষিত হৈছে৷ ২০১১ চনৰ লোকপিয়ল অনুসৰি তালিকাৰ অন্তিম পাঁচখন ৰাজ্য আছিল ক্রমে বিহাৰ (৬১.৮), অৰুণাচল প্রদেশ (৬৫.৪), ৰাজস্থান (৬৬.১), ঝাৰখণ্ড (৬৬.৪) আৰু অন্ধ্রপ্রদেশ (৬৭.০)৷ ২০২০ চনৰ পৰিসংখ্যা অনুসৰি অন্তিম পাঁচখন ৰাজ্য হৈছে ক্রমে অন্ধ্রপ্রদেশ (৬৬.৪), ৰাজস্থান (৬৯.৭), বিহাৰ (৭০.৯), তেলেংগানা (৭২.৮) আৰু উত্তৰ প্রদেশ (৭৩.০)৷ লক্ষণীয়ভাৱে সার্বিকভাৱেও যোৱা এক দশকত দেশৰ সাক্ষৰতাৰ হাৰ বৃদ্ধি পোৱা পৰিলক্ষিত হৈছে৷ ২০১১ চনৰ লোকপিয়ল অনুসৰি ভাৰতৰ সাক্ষৰতাৰ হাৰ আছিল ৭৪.০৪ শতাংশ৷ ২০২০ চনৰ সমীক্ষাত দেখা গ’ল সর্বভাৰতীয় সাক্ষৰতাৰ হাৰ বৃদ্ধি পালে ৭৭.৭ শতাংশলৈ৷