নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

ঐতিহাসিক প্রতিৰক্ষা চুক্তি, সামৰিক প্রযুক্তিৰ তথ্য বিনিময় কৰিব ভাৰত আমেৰিকাই

নিয়মীয়া বাৰ্তা, ২৮ অক্টোবৰঃ ভাৰত–প্রশান্ত মহাসাগৰীয় অঞ্চলত চীনৰ অর্থনৈতিক আৰু সামৰিক আধিপত্যক প্রত্যাহ্বান জনাবলৈ আজি ভাৰত আৰু আমেৰিকা যুক্তৰাষ্ট্রই ঐতিহাসিক প্রতিৰক্ষা চুক্তিত স্বাক্ষৰ কৰে৷ দুই দেশৰ তৃতীয়সংখ্যক +২ বৈঠকত ভাৰতৰ প্রতিৰক্ষা আৰু বৈদেশিক মন্ত্রী ক্রমে ৰাজনাথ সিং আৰু এছ জয়শংকৰে আমেৰিকা যুক্তৰাষ্ট্রৰ প্রতিৰক্ষা সচিব মাইক প’ম্পি’ আৰু বৈদেশিক সচিব মার্ক টী এছপাৰে মিলিত হোৱাৰ সময়তে ঐতিহাসিক প্রতিৰক্ষা চুক্তি ‘বিইচিএ’ স্বাক্ষৰিত হয়৷

ভাৰত–প্রশান্ত মহাসাগৰীয় অঞ্চলৰ লগতে লাডাখ সীমান্তত ভাৰতৰ সৈতে চীনে দখলদাৰীৰ ভূমিকাক লৈ উত্তেজনা অব্যাহত থকাৰ সময়তে মার্কিন যুক্তৰাষ্ট্রৰ সৈতে নতুন দিল্লীৰ সামৰিক প্রতিৰক্ষা চুক্তি তাৎপর্যপূর্ণ৷ ‘বিইচিএ’ (বেছিক একচেঞ্জ এণ্ড কো–পাৰেচন এগ্রিমেণ্ট)ৰ লগতে আন চাৰিখন চুক্তিও দুই দেশৰ মাজত স্বাক্ষৰিত হয়৷ দীর্ঘদিন ধৰি চলি থকা আলোচনাৰ অন্তত আজি স্বাক্ষৰিত ঐতিহাসিক বিইচিএ অনুসৰি দুই দেশৰ মাজত সামৰিক বাহিনীৰ উচ্চ প্রযুক্তিৰ লগতে কৃত্রিম উপগ্রহৰ তথ্যসহ গুৰুত্বপূর্ণ তথ্য বিনিময় হ’ব৷

বিইচিএত দুই দেশৰ মাজত ইতিপূর্বে স্বাক্ষৰিত হোৱা চাৰিখন চুক্তিক পূর্ণাংগ ৰূপ দিয়া হয়৷ ইয়াৰে ভিতৰত ২০০২ চনত স্বাক্ষৰিত জেনেৰেল ছিকিউৰিটী অৱ মিলিটাৰী ইনফ’ৰমেচন এগ্রিমেণ্ট (জিএছ’এমআইএ), ২০১৬ চনত স্বাক্ষৰিত লজিষ্টিক একচেঞ্জ মেম’ৰেণ্ডাম অৱ এগ্রিমেণ্ট (এলইএম’এ), ২০১৮ চনত স্বাক্ষৰিত কমিউনিকেচনছ ক’ম্পেটিবিলিটী এণ্ড ছিকিউৰিটী এগ্রিমেণ্ট (চি’এমচিএএছএ) অন্যতম৷ দুই দেশৰ প্রতিৰক্ষা–বৈদেশিক বিভাগৰ মন্ত্রীৰ লগতে শীর্ষ বিষয়াৰ উপস্থিতিত স্বাক্ষৰিত পাঁচখন চুক্তিৰ লগতে চীনৰ আগ্রাসনক লৈ বিতং আলোচনা কৰা হয়৷

বৈঠকৰ অন্তত যুটীয়াভাৱে প্রকাশ কৰা বিবৃতিত লাডাখৰ গালৱানত শ্বহীদ ২০ ভাৰতীয় জোৱানক শ্রদ্ধাঞ্জলি জ্ঞাপন কৰাৰ প্রসংগ উল্লেখ কৰা হয়৷ লাডাখৰ গালৱান উপত্যকাৰ ঘটনাক লৈ চীনক সকীয়নি দি আমেৰিকা যুক্তৰাষ্ট্রৰ প্রতিৰক্ষা সচিব মাইক প’ম্পি’ই কয়– গালৱান উপত্যকাত শ্বহীদ হোৱা ২০ ভাৰতীয় জোৱানক ৰাষ্ট্রীয় যুদ্ধ স্মাৰক পৰিদর্শন কৰি শ্রদ্ধাঞ্জলি জনোৱা হয়৷ ভাৰতৰ সৈতে আমেৰিকা আছে৷

দুয়োখন দেশে সার্বভৌমত্ব আৰু স্বাধীনতাৰ প্রতি ভাবুকিৰ সন্মুখীন হৈছে৷ বৈঠকৰ সময়ত চুবুৰীয়া ৰাষ্ট্রসমূহৰ ভূমিকাক লৈ বিতংভাৱে আলোচনা কৰা বুলি উল্লেখ কৰি ভাৰতৰ প্রতিৰক্ষা মন্ত্রী ৰাজনাথ সিঙে কয়– বিইচিএ স্বাক্ষৰিত হোৱাটো দেশৰ বাবে গুৰুত্বপূর্ণ সফলতা৷ ইয়ে তথ্য বিনিময়ৰ ক্ষেত্রত নতুন যুগ মুকলি কৰিব৷ বিইচিএৰ উপৰি দুই দেশৰ মাজত স্বাক্ষৰিত হোৱা আন চাৰিখন চুক্তি হৈছে– এগ্রিমেণ্ট ফৰ টেকনিকেল কো–অপাৰেচন অন আর্থছায়েঞ্চ, এৰেঞ্জমেণ্ট এক্সটেণ্ডিং দ্য এৰেঞ্জমেণ্ট অন নিউক্লিয়াৰ কো–অপাৰেচন, এগ্রিমেণ্ট অন প’ষ্টেল ছার্ভিচেছ আৰু এগ্রিমেণ্ট অন কো–অপাৰেচন ইন আয়ুর্বেদা এণ্ড কেঞ্চাৰ ৰিছার্চ৷

You might also like