নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

আমি থকালৈকে অসমত মিঞা মিউজিয়াম স্থাপন কৰিবলৈ নিদিওঁ

তিনিচুকীয়াত মন্ত্রী ড০ শর্মাৰ হুংকাৰ

নিয়মীয়া  বাৰ্তা, ২৮ অক্টোবৰঃ অসম বিধানসভাৰ শিক্ষা বিভাগৰ বিভাগ সম্পর্কীয় স্থায়ী কমিটী (ডিআৰএছচি)–এ শ্রীমন্ত শংকৰদেৱ কলাক্ষেত্রত মিঞা মিউজিয়াম স্থাপনৰ বাবে অনুমোদন জনোৱা বিষয়টো ৰাজহুৱা হোৱাৰ লগে লগে ৰাজ্যজুৰি তীব্র জোকাৰণিৰ সৃষ্টি হৈছে৷ বাঘবৰৰ কংগ্রেছী বিধায়ক শ্বেৰমান আলী আহমেদে দিয়া প্রস্তাৱ অনুসৰি কলাক্ষেত্রত মিঞা মিউজিয়াম স্থাপনৰ প্রস্তাৱত অনুমোদন দিয়াক লৈ ডিআৰএছচিৰ সদস্যসকলৰ মাজতো ক্রিয়া–প্রতিক্রিয়া দেখা গৈছে৷

ডিআৰএছচিৰ সদস্য বিধায়ক পদ্ম হাজৰিকা, বিনোদ হাজৰিকাই ইতিমধ্যে তেওঁলোকে সেই প্রস্তাৱত চহী কৰা নাছিল বুলি মন্তব্য কৰিছে৷ ইয়াৰ বিপৰীতে বিধায়ক আহমেদে তেওঁৰ সেই প্রস্তাৱ সম্পর্কত বৈঠকখনত কোনো এজন সদস্যই বিৰোধিতা কৰা নাছিল বুলি প্রকাশ কৰিছে৷

এনে বিতর্কৰ মাজতে কালি তিনিচুকীয়াত বিত্ত, স্বাস্থ্য, শিক্ষা, লোকনির্মাণ বিভাগৰ মন্ত্রী ড০ হিমন্ত বিশ্ব শর্মাই সংবাদ মাধ্যমৰ আগত কয় যে কোনোবাই চহী কৰক বা নকৰক, সেয়া বিচার্য বিষয় নহয়৷ প্রধান কথা হৈছে মিঞা মিউজিয়াম অসমত নহ’ব৷ যেতিয়ালৈ আমি আছোঁ, চহী লাগিলে যিয়েই নামাৰক মিঞা মিউজিয়াম নহ’ব৷

তেওঁ আৰু কয় যে বিধানসভাৰ ডিআৰএছচিৰ বৈঠকত শাসক দলৰ বিধায়ক খুব কমেই উপস্থিত থাকে৷ ইয়াৰ বিপৰীতে বিৰোধীৰ বিধায়কসকল সেই বৈঠকত বেছি উপস্থিত থাকে৷ উল্লেখ্য যে মন্ত্রী ড০ শর্মাই কালি পুৱাই তিনিচুকীয়াত উপস্থিত হৈ চিআইডিএফ আঁচনিৰ অধীনত ৫.২৮ কোটি টকাৰ ব্যয়েৰে নির্মাণ হ’বলগীয়া বাইপাছৰ আধাৰশিলা স্থাপন কৰে৷

ইয়াৰ পিছতে তিনিচুকীয়া চহৰৰ গুৰুত্বপূর্ণ গোপীনাথ বৰদলৈ পথটো ৩.৮২ কোটি টকাৰ ব্যয়েৰে পুনৰ নির্মাণৰ আধাৰশিলা স্থাপন কৰে৷ কেন্দ্রীয় মন্ত্রী ৰামেশ্বৰ তেলী, সাংসদ প্রদান বৰুৱা, শ্রমমন্ত্রী সঞ্জয় কিষাণ, বিধায়ক প্রশান্ত ফুকন, সুৰেন ফুকনৰ উপস্থিতিত থানা চাৰিআলিত পথটোৰ আধাৰশিলা স্থাপন কৰে৷

এই উপলক্ষে আয়োজিত এখন বিশাল জনসভাত ভাষণ দি মন্ত্রী ড০ শর্মাই কয় যে টুপী–লুঙী চৰকাৰৰ স্থবিৰতাৰ বিপৰীতে বিজেপি চৰকাৰে অসমত বিগত চাৰি বছৰত সর্বদিশতে উন্নয়নৰ জোৱাৰ আনিবলৈ সক্ষম হৈছে৷ বিগত চাৰে চাৰি বছৰত অসমৰ উন্নয়নৰ ধাৰা ভাৰতবর্ষৰ অন্যান্য ৰাজ্যতকৈ বহু ওপৰত বুলি উল্লেখ কৰি কয় যে প্রথম সূর্য উঠা ৰাজ্য অসম ভাৰতৰ উন্নত পাঁচখন ৰাজ্যৰ ভিতৰত প্রথম হ’ব লাগিব৷

‘কা’ আন্দোলন, বানপানী, ক’ৰোনা যুঁজৰ সংকটকালৰ মাজতো অসমত বিৰামহীন উন্নয়নৰ প্রক্রিয়া অব্যাহত আছে৷ অসমত বাট–পথ–দলং, ফ্লাই অ’ভাৰ নির্মাণ, মেডিকেল কলেজ স্থাপনকে ধৰি জনকল্যাণমূলক আঁচনিৰে যি নাটকীয় পৰিৱর্তন হৈছে, সেয়া টুপী–লুঙী চৰকাৰৰ বাবে অলীক কল্পনাহে৷ ভাষণত তেওঁ মুখ্যমন্ত্রী সর্বানন্দ সোণোৱালক অসমৰ প্রথমজন সৌভাগ্যশালী মুখ্যমন্ত্রীৰ আখ্যা দি তেওঁ কয় যে সোণোৱালেই একেটা পাঁচ বছৰীয়া কার্যকালতে আধাৰশিলা স্থাপন কৰা ফ্লাই অভাৰ, মেডিকেল কলেজৰ দৰে বৃহৎ প্রকল্পৰ শুভ উদ্বোধনীও কৰিবলৈ পাইছে৷

পূর্বৰ তৰুণ গগৈৰ দিনত এনে একোটা বৃহৎ প্রকল্প ২৫ বছৰেও সমাপন কৰিব পৰা নাছিল৷ পূর্বৰ চৰকাৰৰ দিনত বিধায়কসকলে সমষ্টি উন্নয়নৰ বাবে বছৰি ১ কোটি টকা লাভ কৰাৰ বিপৰীতে বর্তমান তিনিচুকীয়াৰ দৰে সমষ্টিও বাট–পথকে ধৰি আন্তঃগাঁথনি উন্নয়নৰ বাবে ২০০ কোটিতকৈও অধিক টকা লাভ কৰাটো বিধায়কৰ বাবে অভাৱনীয় সফলতা হিচাপে বিবেচিত হৈছে৷

তিনিচুকীয়াৰ বিধায়ক তথা শ্রমমন্ত্রী সঞ্জয় কিষাণৰ নেতৃত্বত এই উন্নয়নৰ যাত্রা অব্যাহত আছে৷ তিনিচুকীয়াত নির্মীয়মাণ মেডিকেল কলেজখন অহা বর্ষত উদ্বোধন কৰিব পৰা হ’ব বুলি উল্লেখ কৰি অনাগত সময়ত তিনিচুকীয়াত এখন ৰাজ্যিক বিশ্ববিদ্যালয় স্থাপনৰ কথাও ঘোষণা কৰে৷ ভাষণত মন্ত্রী ড০ শর্মাই তিনিচুকীয়া সমষ্টিৰ উন্নয়ন আৰু প্রগতিৰ ধাৰা অব্যাহত ৰাখিবলৈ সক্ষম হোৱা সঞ্জয় কিষাণক অহা পাঁচ বছৰৰ বাবে পুনৰ আশীর্বাদ কৰিবলৈ ৰাইজক আহ্বান জনায়৷

You might also like