নিয়মীয়া বাৰ্তা, ৮ অক্টোবৰঃ ১৯৩২ চনৰ ৮ অক্টোবৰত ব্ৰিটিছ চৰকাৰৰ ৰয়েল এয়াৰ ফ’ৰ্চৰ সহযোগী গোট হিচাপে ভাৰতীয় বায়ু সেনা গঠন কৰা হয়। ইয়াৰ প্ৰথম অপাৰেছনেল স্কোয়াড্ৰন ১৯৩৩ চনৰ এপ্ৰিলত গঠন হৈছিল। ছজন বিষয়া আৰু ১৯ জন সৈনিকৰ সৈতে সহায়ক গোট হিচাপে গঠন কৰা ভাৰতীয় বায়ু সেনা আজি ২,০০০ তকৈও অধিক সামৰিক বিমানৰ সৈতে বিশ্বৰ চতুৰ্থ সৰ্ববৃহৎ বায়ু সেনা। প্ৰতি বছৰে ৮ অক্টোবৰত গাজিয়াবাদৰ হিন্দন বায়ু সেনা ঘাটিত বায়ু সেনা দিৱস কাৰ্যসূচী অনুষ্ঠিত হয়। এই সময়ছোৱাত বায়ু সেনাৰ যুঁজাৰু বিমানৰ প্ৰদৰ্শন এক বিশেষ আকৰ্ষণ। হিন্দন বায়ু সেনা কেন্দ্ৰ হৈছে এছিয়াৰ সৰ্ববৃহৎ আৰু বিশ্বৰ অষ্টম বৃহত্তম এয়াৰবেচ।
শীৰ্ষ পাঁচটা বায়ু সেনাঃ
আমেৰিকা, ৰাছিয়া, চীন, ভাৰত আৰু দক্ষিণ কোৰিয়া
Chief of Defence Staff General Bipin Rawat, Chief of Naval Staff Admiral Karambir Singh and Chief of Army Staff General MM Naravane attend the 89th Air Force Day parade at Hindan airbase pic.twitter.com/Go1aLPhukg
— ANI (@ANI) October 8, 2021
স্বাধীনতাৰ পিছত লাভ কৰিলে পৰিচয়ঃ ব্ৰিটিছ শাসনৰ অধীনত থকাৰ বাবে ভাৰতীয় বায়ু সেনাই ব্ৰিটিছসকলৰ হৈ দ্বিতীয় বিশ্বযুদ্ধত অংশগ্ৰহণ কৰিছিল। ১৯৪৫ চনত ভাৰতীয় বায়ু সেনাৰ নামৰ আগত ‘ৰয়েল’ শব্দটো যোগ কৰা হয়। স্বাধীনতাৰ পিছত কিছু সময়ৰ বাবে এই নামেৰে জনাজাত আছিল যদিও ১৯৫০ চনত ‘ৰয়েল’ শব্দটো আঁতৰোৱা হয় আৰু ভাৰতীয় বায়ু সেনা হিচাপে চিনাক্ত কৰা হয়।
ৰাষ্ট্ৰৰ নিৰাপত্তাৰ ক্ষেত্ৰত গুৰুত্বপূৰ্ণ ভূমিকাঃ বায়ু সেনা হৈছে ভাৰতীয় সশস্ত্ৰ বাহিনীৰ এক গুৰুত্বপূৰ্ণ বাহিনী। ই বিভিন্ন যুদ্ধত এক গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰি আহিছে। বায়ু সেনাৰ মূল উদ্দেশ্য হৈছে দেশৰ আকাশমাৰ্গৰ সীমা সুৰক্ষিত কৰা আৰু এখন দেশৰ সৈতে সংঘৰ্ষৰ ক্ষেত্ৰত বিমান আক্ৰমণ কৰা। পাকিস্তান আৰু চীনৰ সৈতে যুদ্ধত ভাৰতীয় বায়ু সেনাৰ ভূমিকা লক্ষণীয়।
#WATCH | Air Force Day Parade commences at Air Force Station Hindan, Ghaziabad on the 89th anniversary of the IAF pic.twitter.com/jVFjh919xX
— ANI (@ANI) October 8, 2021