নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

হোজাইৰ কাকীত শ্ৰীমন্ত শংকৰদেৱ সংঘৰ কেন্দ্ৰীয় সেৱা বাহিনীৰ ২৫ সংখ্যক প্ৰতিষ্ঠা দিৱস উদযাপন

নিয়মীয়া বাৰ্তা, ৮ অক্টোবৰঃ আজিৰে পৰা হোজাই জিলাৰ কাকীৰ ডেকাগিৰি সমন্বয় ক্ষেত্ৰত দুদিনীয়াকৈ আৰম্ভ হৈছে শ্ৰীমন্ত শংকৰদেৱ সংঘৰ চালিকাশক্তি কেন্দ্ৰীয় সেৱা বাহিনীৰ ২৫ সংখ্যক প্ৰতিষ্ঠা দিৱস আৰু ৰূপালী জয়ন্তী উৎসৱ। পুৱা ৭বজাত নাম প্ৰসংগৰে প্ৰথম দিনৰ কাৰ্যসূচী আৰম্ভ হোৱা ডেকাগিৰি সমন্বয় ক্ষেত্ৰত বৰ্তমান ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ সেৱক-সেৱিকা, আইমাতৃ, বাপ-বান্ধৱৰ উপস্থিতিৰে এক ভক্তিৰসৰ পৰিৱেশ সৃষ্টি হৈছে।

ইতিমধ্যে সমন্বয় ক্ষেত্ৰত মূল তোৰণ, গ্ৰন্থমেলাৰ দ্বাৰ উন্মোচন, শিবিৰ মুকলি হোৱাৰ লগতে মূলমণ্ডপত আৰম্ভ হৈছে আলোচনা চক্ৰ। ৰাজ্যৰ কেইবাজনো বিশিষ্ট ব্যক্তিৰ উপস্থিতিত অনুষ্ঠিত আলোচনা চক্ৰখনিত উন্মোচিত হয় স্মৃতিগ্ৰন্থ “যুৱ সঞ্জীৱনী”।

ইয়াৰ লগতে আন ৫খনকৈ অনান্য গ্ৰন্থও উন্মোচিত হয়। উল্লেখ্য যে আলোচনা সভাৰ পাছতে অনুষ্ঠিত হব কেন্দ্ৰীয় সেৱাবাহিনীৰ ন-পুৰণি সেৱক-সেৱিকাৰ অন্তৰংগ আলাপ। আনহাতে সন্ধিয়াৰভাগলৈ শংকৰী সংগীত ৰত্ন গোলাপ মহন্ত সোৱৰঁণী মঞ্চত অনুষ্ঠিত হব শংকৰী সংগীত আৰু জনগোষ্ঠীয় সাংস্কৃতিক সমাৰোহ। য’ত উপস্থিত থাকিব জনপ্ৰিয় কণ্ঠশিল্পী বিদ্যাসাগৰ।

You might also like