নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

ভাৰতীয় মচলাত কর্কট সৃষ্টিৰ মাৰাত্মক বিহ

🔹 নতুন পদ্ধতিৰে নমুনা পৰীক্ষাৰ অভিযান আৰম্ভ

বিশেষ বাৰ্তা, ১৬ মে’ : বিপজ্জনক মাত্রাত কীটনাশক আছে ভাৰতত প্রস্তুত কৰা মচলাত৷ এই অভিযোগত কেইদিনমান পূর্বে ভাৰতীয় মচলা নিষিদ্ধ কৰা হৈছে হংকং, ছিগাংপুৰ আদি স্থানত৷ এনে পৰিস্থিতিত এইবাৰ ফুড ছেফ্টী এণ্ড ষ্টেণ্ডার্ডছ অথৰিটী অৱ ইণ্ডিয়াই নতুন পদ্ধতি অৱলম্বন কৰি মচলাত কর্কট সৃষ্টিৰ উপাদান বিচাৰি উলিওৱাৰ অভিযান আৰম্ভ কৰিলে৷ উল্লেখনীয় যে অভিযোগ অনুসৰি এবিধ কীটনাশক মচলাত ব্যৱহাৰ কৰা হয় ৰাসায়নিক হিচাপে৷ ইয়াৰ নাম ইথিলিন অক্সাইড৷ ইয়াক কর্কট ৰোগ সৃষ্টিৰ উপাদান হিচাপে চিহ্ণিত কৰা হৈছে৷

You might also like