নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

“আমাক বচাওক, নহ’লে মৰিম”- ইউক্রেইনৰ ছুমীত আবদ্ধ ভাৰতীয় শিক্ষার্থীৰ আর্তনাদ

নিয়মীয়া বাৰ্তা, ৫ মাৰ্চঃ যুদ্ধবিধ্বস্ত আৰু ৰক্তাক্ত ইউক্রেইনৰ ভূমিত আবদ্ধ ভাৰতীয় শিক্ষার্থীৰ কৰুণ বিননি৷ চৌদিশে গুলী–বাৰুদৰ শব্দ, মৃত্যুৰ কিৰীলিৰ বিভীষিকাৰ মাজত আবদ্ধ হৈ সহায়ৰ বাবে আর্তনাদ কৰা ভাৰতীয় শিক্ষার্থীৰ ভিডি’ই দেশবাসীক উদ্বিগ্ন কৰি তুলিছে৷ ইউক্রেইনৰ ওপৰত আক্রমণকাৰী ৰাছিয়াৰ সীমান্তৱর্তী চহৰ ছুমীত আবদ্ধ হৈ থকা ভাৰতীয় শিক্ষার্থীৰ বাবে নাই আহাৰ, নাই পানী আৰু নাই কোনো বিদ্যুতৰ ব্যৱস্থা৷ কেন্দ্রীয় চৰকাৰক সহায়ৰ বাবে আহ্বান জনাই প্রচাৰ হোৱা ভিডিঅ’টোত শিক্ষার্থীয়ে তেওঁলোকে ছুমীত আবদ্ধ হৈ থাকি ভুগি থকা অবর্ণনীয় দুর্বিষহ পৰিস্থিতিৰ বিষয়ে বর্ণনা কৰি শীঘ্রে স্বদেশলৈ ওভতাই অনাৰ বাবে চৰকাৰক জনাইছে কাতৰ আহ্বান৷

শিক্ষার্থীজনৰ ভাষ্য মতে– নাই খাদ্য, নাই পানী, টয়লেটতো নাই পানী, অনেকজনে যোৱানিশাৰে পৰা খাবলৈ পানী পোৱা নাই৷ তেওঁলোক অতিকে উদ্বিগ্ন৷ সেই শিক্ষার্থীজনে পুনৰ কয়– আমি চৰকাৰৰ সহায়ৰ আশা পালি আছোঁ, কিন্তু আমি এতিয়ালৈকে কোনো খবৰ পোৱা নাই৷ কিছুসংখ্যকে কৈ আছে, ৰাছিয়াৰ সীমান্তত বাছে অপেক্ষা কৰি আছে, য’লৈ ইয়াৰ পৰা প্রায় ৫০ কিলোমিটাৰ৷ আমি যদি হোষ্টেলৰ পৰা খোজকাঢ়োঁ, বাহিৰৰ চাৰিওফালে আছে স্নিপাৰ৷ সকলোতে স্নিপাৰ, আমি বিমানৰ আক্রমণত শংকিত, প্রতি ২০ মিনিটৰ মূৰে মূৰে বোমাবর্ষণ হৈ আছে৷ মাইনাছ তাপমাত্রাৰ অতি দুর্বিষহ পৰিস্থিতিত যুদ্ধবিধ্বস্ত ইউক্রেইনৰ ছুমী ষ্টেট ইউনিভার্ছিটীত চিকিৎসা বিজ্ঞান পাঠ্যক্রমত অধ্যয়নৰত ভাৰতীয় শিক্ষার্থীয়ে হোষ্টেলত তেওঁলোকে সম্প্রতি কেনে শংকাময় পৰিৱেশত কটাই আছে, তাক ভিডি’টোৰ জৰিয়তে অৱগত কৰিছে৷ লক্ষণীয় যে শিক্ষার্থীগৰাকীয়ে প্রকাশ কৰা মতে, কেইবাশ হোষ্টেলত আবদ্ধ হৈ আছে, য’ৰ পৰা খার্কিভ আৰু কিয়েভলৈ হাজাৰ মাইল দূৰ৷ এই যাত্রা কৰিবৰ বাবে কেইবাঘণ্টাৰো প্রয়োজন৷ আনকি ৰাছিয়াৰ সীমান্তলৈকে যাবলৈয়ে ২৫ৰ পৰা ৩০ মিনিটৰ প্রয়োজন৷ যাবলৈ নাই কোনো পৰিবহণ ব্যৱস্থা, নাই কোনো ৰে’লৰ ব্যৱস্থা৷ এনে ক্ষেত্রত তেওঁলোকে কেনেদৰে ওলাই যাব৷ তদুপৰি তেওঁলোকৰে কেইগৰাকীমান সতীর্থই হোষ্টেলৰ পৰা বাহিৰলৈ ওলাই গৈ যাত্রা কৰোঁতে গুলীত প্রাণ হেৰুৱাইছে৷ যি ঘটনাৰ ভিডিঅ’ তেওঁলোকৰ লগত আছে৷ এনে পৰিস্থিতিত তেওঁলোক বাহিৰলৈ যোৱাৰ কথা ভাবিবই নোৱাৰে৷ শিক্ষার্থীজনে এনেদৰেও কয়– আমি নৰেন্দ্র মোদীজীক অনুৰোধ জনাইছোঁ– ইয়াৰ পৰা আমাক লৈ যাওক৷ নহ’লে আমাক ইয়াত হত্যা কৰিব৷ আমি যদি ইয়াৰ পৰা নিজ মতে খোজকাঢ়ি ওলাই যাওঁ, আমাক হত্যা কৰা হ’ব৷ আমি ভাৰত চৰকাৰক অনুৰোধ জনাইছোঁ, অনুগ্রহ কৰি আমাক সহায় কৰক৷

উল্লেখ্য যে এই ভিডিঅ’টোৰ উপৰি দীপিকা নামৰ ভাৰতীয় শিক্ষার্থী এগৰাকীয়ে ভিডি’যোগে স্বদেশলৈ ওভতাই আনিবলৈ চৰকাৰক আহ্বান জনাইছে৷ খার্কিভ আৰু কিয়েভৰ লেখীয়া পৰিস্থিতিৰ সন্মুখীন হোৱাৰ পূর্বেই ভাৰত চৰকাৰে যেন আমাক ইয়াৰ পৰা ওভতাই নিয়ে বুলি দীপিকাই আহ্বান জনাইছে৷ ইণ্ডিয়া টিভি ডিজিটেলৰ বার্তালাপত দীপিকা নামৰ শিক্ষার্থীগৰাকীয়ে কয় যে সম্প্রতি আমি সুৰক্ষিত৷ কিন্তু অনেক গুলীচালনা চলি আছে৷ ছাইৰেন বাজি আছে, আমি বাংকাৰলৈ গৈছোঁ৷ সমগ্র পৰিস্থিতি ভয়ানক হৈ গৈ আছে৷ মধ্যপ্রদেশৰ দেৱাচ জিলাৰ পৰা গৈ ইউক্রেইনত অধ্যয়নৰত দীপিকাই যোৱানিশা ১০.৪৫ বজাত ইণ্ডিয়া টিভিৰ ডিজিটেলৰ সৈতে বার্তালাপ কৰি পুনৰ কয় যে শক্তি প্রকল্পসমূহত আক্রমণ অব্যাহত ৰখাৰ বাবে তেওঁলোকে বিদ্যুতৰ ছুইছ অন কৰিব পৰা নাই৷ অর্থাৎ বিদ্যুৎ অবিহনে আছে৷

শিক্ষার্থীগৰাকীয়ে প্রকাশ কৰা মতে, ছুমী চহৰত এতিয়াও প্রায় ৭০০ ভাৰতীয় শিক্ষার্থী আবদ্ধ হৈ আছে৷ এই শিক্ষার্থীসকলে ভাৰতীয় ৰাষ্ট্রদূতৰ সৈতে যোগাযোগ কৰিবলৈ চেষ্টা কৰি আছে যদিও এতিয়ালৈকে সফল হ’ব পৰা নাই৷ ছুমীত দুর্বিষহ জীৱন কটাই আবদ্ধ হৈ থকা ৭০০ ভাৰতীয় শিক্ষার্থী আৰু খার্কিভত থকা ৩০০ শিক্ষার্থীসহ প্রায় এহাজাৰ শিক্ষার্থী এতিয়াও ইউক্রেইনত আবদ্ধ হৈ থকা বুলি বৈদেশিক পৰিক্রমা মন্ত্রালয়ে প্রকাশ কৰিছে৷ মন্ত্রালয়ৰ মুখপাত্র অৰিন্দম বাগচীয়ে প্রকাশ কৰা মতে, শেষৰজন ভাৰতীয় ওভতাই ননালৈকে অপাৰেচন গংগা অব্যাহত থাকিব৷ সম্প্রতি ইউক্রেইনত দুই হাজাৰৰ পৰা তিনি হাজাৰ ভাৰতীয় আছে৷ ইয়াৰ সংখ্যা কম–বেছি হ’ব পাৰে৷ ইউক্রেইনৰ ওপৰত ৰাছিয়াৰ আক্রমণ তীব্রতৰ হৈ উঠাৰ পৰিপ্রেক্ষিতত প্রত্যাৱর্তন প্রত্যাহ্বান হৈ উঠিছে৷ ইউক্রেইনৰ পৰা চুবুৰীয়া ৰাষ্ট্র ৰাছিয়ালৈ ভাৰতীয় শিক্ষার্থীক নিয়াৰ বাবে বাছৰ ব্যৱস্থাও কৰা হৈছে৷ সম্প্রতি ইউক্রেইনৰ পূব প্রান্তত যুদ্ধ চলি থকা অঞ্চলৰ ভাৰতীয় শিক্ষার্থীক ওভতাই অনাটোক প্রাধান্য দিয়া হৈছে৷ ৰাছিয়া আৰু ইউক্রেইনৰ সৈতে আলোচনা কৰি ভাৰতীয় নাগৰিকৰ বাবে এটা পথ উলিওৱাৰ চেষ্টা চলাই আছে৷ উল্লেখ্য যে অপাৰেচন গংগাৰ জৰিয়তে ইতিমধ্যে ৪৮খন বিমানৰ জৰিয়তে ১০ সহস্রাধিক ভাৰতীয়ক ওভতাই অনা হৈছে৷

You might also like