নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

ইউক্রেইনৰ পৰা উভতি অহা শিক্ষাৰ্থীৰ বাবে গুৰুত্বপূর্ণ সিদ্ধান্ত

বিশেষ বাৰ্তা,৫ মাৰ্চঃ বহু স্বপ্ন বুকুত বান্ধি সুদূৰলৈ গৈছিল পঢ়িবলৈ। কিন্তু হঠাৎ এদিন অশান্ত হৈ পৰিল সেই দেশখন। পঢ়া-শুনা তাতেই সামৰি প্ৰাণটো বচাই উভতিব লাগে স্বদশলৈ, সেয়াই হ’ল এইমুহূৰ্তৰ ইচ্ছা। যুদ্ধবিধ্বস্ত ইউক্রেইনৰ পৰা উভতি অহা চিকিৎসা বিজ্ঞানৰ শিক্ষাৰ্থীসকলৰ বাবে গুৰুত্বপূর্ণ সিদ্ধান্ত লৈছে ৰাষ্ট্ৰীয় মেডিকেল কমিছন বা এনএমচিয়ে। ৰাছিয়া-ইউক্রেইনৰ মাজৰ যুদ্ধৰ কাৰণে যিসকল মেডিকেল শিক্ষাৰ্থীয়ে ইন্টার্নশ্বিপ অসম্পূর্ণ কৰি দেশলৈ উভতি আহিবলৈ বাধ্য হৈছে তেওঁলোকে ইয়াতেই সেই পাঠ্যক্ৰম শেষ কৰিব পাৰিব। এক বিবৃতিত এই কথা জনালে এনএমচিয়ে। সেই পঢ়ুৱৈসকলৰ পৰা সংশ্লিষ্ট মেডিকেল কলেজে কোনো ফীজ ল’ব নোৱাৰিব। তাৰ উপৰি, ভাৰতৰ কলেজত শিক্ষানবীচ চিকিৎসকৰ সমমর্যাদাৰ সুযোগ-সুবিধা তথা বৃত্তিও তেওঁলোকে পাব বুলি জনাইছে এনএমচিয়ে।প্রসংগক্ৰমে উল্লেখণীয় যে, বিগত বছৰৰ নৱেম্বৰত কার্যকৰী হোৱা নতুন নিয়মত কোৱা হৈছিল যে, একেই মেডিকেল কলেজৰ পৰা স্নাতক আৰু ১২ মাহৰ ইন্টার্নশ্বিপ কৰিব লাগিব চিকিৎসা বিজ্ঞানৰ শিক্ষাৰ্থীসকলে। যুদ্ধ পৰিস্থিতিত ইউক্রেইনৰ পৰা উভতি অহা শিক্ষাৰ্থীৰ ক্ষেত্ৰত এই নিয়ম সলনি কৰা হৈছে। কিন্তু যে চিকিৎসা বিজ্ঞানৰ স্নাতক নকৰি দেশলৈ উভতি অহা সকলৰ বাবে কি ব্যৱস্থা কৰিব সেয়া উল্লেখ হোৱা নাই।

You might also like