নিয়মীয়া বাৰ্তা, ২৪ মাৰ্চ: ৰাহুল গান্ধীৰ সাংসদপদ খাৰিজ কৰা হৈছে। আজি লোকসভা সচিবালয়ে অধিসূচনা জাৰি কৰি এই ঘোষণা কৰে। বৃহস্পতিবাৰে চুৰাটৰ আদালতে তেওঁক অপৰাধমূলক মানহানিৰ গোচৰত দোষী সাব্যস্ত কৰি দুবছৰৰ কাৰাদণ্ডৰ শাস্তি প্ৰদান কৰাৰ লগতে ১৫ হাজাৰ টকা জৰিমনা আৰোপ কৰিছিল। অৱশ্যে গোচৰৰ শুনানিৰ সময়ত আদালতে তেওঁক জামিন মঞ্জুৰো কৰে।
প্রধানমন্ত্রীৰ উপাধি মোদীক চোৰ আখ্যা দিয়াৰ এক অপৰাধমূলক মানহানি গোচৰত কংগ্রেছৰ যুৱৰাজ খ্যাত ৰাহুল গান্ধীক চুৰাটৰ আদালতে দোষী সাব্যস্ত কৰি দুবছৰৰ কাৰাদণ্ড বিহে৷ মন কৰিবলগীয়া যে ২০১৯ চনৰ লোকসভা নির্বাচনৰ সময়ত কর্ণাটকৰ কোলাৰত সমাৱেশ সম্বোধন কৰি কংগ্রেছ নেতা ৰাহুল গান্ধীয়ে সকলো চোৰৰ সাধাৰণ উপাধি মোদী কেনেকৈ হয় বুলি প্রধানমন্ত্রী মোদীক পৰোক্ষভাৱে আক্রমণ কৰিছিল৷ ৰাহুল গান্ধীৰ এই মন্তব্যৰ বিৰুদ্ধে বিজেপি বিধায়ক তথা গুজৰাটৰ প্রাক্তন মন্ত্রী পূর্ণেশ মোদীয়ে আদালতত গান্ধীৰ বিৰুদ্ধে গোচৰ ৰুজু কৰিছিল৷ অভিযোগত পূর্ণেছ মোদীয়ে ৰাহুল গান্ধীৰ মন্তব্যই সমগ্র মোদী সম্প্রদায়ক দুর্নাম কৰাৰ অভিযোগ উত্থাপন কৰিছিল৷ এই মন্তব্যৰ বাবে ৰাহুল গান্ধীৰ বিৰুদ্ধে অপৰাধমূলক মানহানি গোচৰ ৰুজু কৰি আদালতে শুনানি প্রক্রিয়া সম্পন্ন কৰাৰ অন্তত কালি ৰাহুল গান্ধীক দোষী সাব্যস্ত কৰি দুবছৰৰ কাৰাদণ্ড বিহে৷
উল্লেখ্য যে ৰাহুল গান্ধী কেৰালাৰ ৱাইনাদৰ পৰা লোকসভাৰ সাংসদ আছিল। ২০০৪ চনত প্ৰথমবাৰৰ বাবে আমেথি লোকসভাৰ আসনৰ পৰা নিৰ্বাচিত হৈ ২০১৯ চনলৈকে তাত সংসদৰ সদস্য আছিল। ২০১৯ চনৰ লোকসভা নিৰ্বাচনত কেন্দ্ৰীয় মন্ত্ৰী স্মৃতি ইৰাণীৰ হাতত তেওঁৰ আমেথি আসন হেৰুৱাইছিল যদিও ৱাইনাদৰ পৰা নিৰ্বাচনত জয়ী হৈ সংসদৰ সদস্যপদ অক্ষুণ্ণ ৰাখিছিল।