নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

লখিমপুৰ পশু চিকিৎসা বিজ্ঞান মহাবিদ্যালয়ৰ প্ৰতিষ্ঠা দিৱস আৰু প্ৰাক্তন ছাত্ৰ-ছাত্ৰীৰ সমাৰোহ

নিয়মীয়া বাৰ্তা, ২৪ মাৰ্চ: লখিমপুৰ পশুচিকিৎসা বিজ্ঞান মহাবিদ্যালয়ত প্ৰতিষ্ঠা দিৱস অহা ১ আৰু ২ এপ্ৰিলত বৰ্ণাঢ্য কাৰ্যসূচীৰে অনুষ্ঠিত হ’ব। প্ৰতিষ্ঠা দিৱসৰ  লগত সংগতি ৰাখি পশু চিকিৎসা বিজ্ঞান মহাবিদ্যালয়খনৰ  প্ৰাক্তন ছাত্ৰছাত্ৰীৰ পুনৰমিলন সমাৰোহখনিও আয়োজন কৰা হৈছে৷ ১ এপ্ৰিল তাৰিখে বন্তি প্ৰজ্বলন আৰু শ্বহীদ তৰ্পন অনুষ্ঠানেৰে আয়োজন কৰিব লগা এই অনুষ্ঠানত দেশৰ বিভিন্ন অংশত কৰ্মৰত প্ৰায় দুশৰো অধিক প্ৰাক্তন ছাত্ৰছাত্ৰীয়ে অংশগ্ৰহণ কৰিব৷ ন-পুৰণি ছাত্ৰছাত্ৰীৰ মহামিলনেৰে জীপাল হবলৈ আগবঢ়া জহিংস্থিত লখিমপুৰ পশুচিকিৎসা বিজ্ঞান মহাবিদ্যালয়ে এই অনুষ্ঠানৰ লগত সংগতি ৰাখি বিভিন্ন কাৰ্যপন্থা হাতত লৈছে বুলি মহাবিদ্যালয়ৰ সহযোগী বিজ্ঞানগুৰু ড° উমাৰাম তামুলীয় আৰু অনুষ্ঠানৰ প্ৰকাশক সমিতিৰ উপ-আহ্বায়ক তথা সহকাৰী অধ্যাপক ড° বিৰাজ কুমাৰ শৰ্মাই জানিবলৈ দিছে ৷ মহাবিদ্যালয়ৰ একালৰ প্ৰাক্তন ছাত্ৰছাত্ৰীৰ লগতে মহাবিদ্যালয়খনৰ আৰম্ভণিৰেপৰা আসন শুৱনি কৰা প্ৰাক্তন অৱসৰপ্ৰাপ্ত বিজ্ঞানগুৰু সকলকো উক্ত অনুষ্ঠানত সম্বৰ্দ্ধনা জনোৱা হ’ব ৷

 

উক্ত অনুষ্ঠানত অংশগ্ৰহণ কৰিব অসম কৃষি বিশ্ববিদ্যালয়ৰ প্ৰাক্তন উপাচাৰ্য ড° কমল মল্ল বুজৰবৰুৱা আৰু মহাবিদ্যালয়ৰ প্ৰতিষ্ঠাপক বিজ্ঞান গুৰু ড° চি কে ৰাজকোঁৱৰে ৷ অনুষ্ঠানৰ লগত সংগতি ৰাখি মহাবিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰী আৰু শিক্ষক-শিক্ষয়িত্ৰী বৃন্দৰ দ্বাৰা লখিমপুৰ নগৰত এক সাংস্কৃতিক সমদল আৰু মহাবিদ্যালয়ৰ পুৰণি আজাদ চৌহদৰ নষ্টালজিক পৰিবেশত প্ৰাক্তন ছাত্ৰৰ এক অন্তৰংগ অনুষ্ঠানৰো আয়োজন কৰা হৈছে ৷ সেয়েহে ইয়াৰ লগত সংগতি ৰাখি অনুষ্ঠানটি সাফল্যমণ্ডিত কৰি তুলিবলৈ আয়োজক সমিতিৰ হৈ ড° সঞ্জীৱ খাৰঘৰীয়াই সকলোকে আহ্বান জনাইছে আৰু দেশৰ বিভিন্ন প্ৰান্তত কৰ্মৰত হৈ থকা লখিমপুৰ পশুচিকিৎসা বিজ্ঞান মহাবিদ্যালয়ৰ প্ৰাক্তন ছাত্ৰছাত্ৰী সকলক উক্ত অনুষ্ঠানত অংশগ্ৰহণ কৰি অনুষ্ঠানটি সাফল্যমণ্ডিত কৰিবলৈ আহ্বান জনাইছে ৷ প্ৰাক্তন ছাত্ৰছাত্ৰীসকলে অনুষ্ঠানটিত নাম পঞ্জীয়ন কৰিবৰ বাবে এই লিংকত https://forms.gle/24wb2H27xRewfoXaA পঞ্জীয়ন কৰিব পাৰে ৷ অধিক জানিবৰ বাবে আয়োজক সমিতিৰ আহ্বায়ক ড° সঞ্জীৱ খাৰঘৰীয়াৰ দূৰাভাষ ৯৭০৬২৪৫১৮৪ নতুবা ডাঃ দ্বীপজ্যোতি মহন্ত ৮৮৭৬৯৪২৩৮০ ৰ সৈতে যোগাযোগ কৰিব পাৰিব ৷ মহাবিদ্যালয়ৰ সহযোগী বিজ্ঞানগুৰু ড° উমাৰাম তামুলীয়ে এইক্ষেত্ৰত সকলোৰে সহায় সহযোগিতা কামনা কৰিছে ৷
You might also like