নিয়মীয়া বাৰ্তা, ২২ জুনঃ ‘কল্যাণৰ কাৰণে যোগ’ শীর্ষক মন্ত্রৰে সোমবাৰে দেশে–বিদেশে উদ্যাপন কৰা হয় সপ্তম আন্তঃৰাষ্ট্রীয় যোগ দিৱস৷ ৰাষ্ট্রসংঘৰ দ্বাৰা স্বীকৃত ১৯০খন দেশত সপ্তম আন্তঃৰাষ্ট্রীয় যোগ দিৱস উদযাপন কৰা হয়৷
ইপিনে, দেশত মহাসাগৰৰ বুকুৰ পৰা হিমালয়ৰ সু–উচ্চ স্থানত যোগাভ্যাস কৰাৰ লগতে ৰাজস্থানৰ গ্রীষ্ম অঞ্চলৰ পৰা কন্যাকুমাৰীলৈকে, শ্রীনগৰৰ পৰা উত্তৰ–পূর্বাঞ্চললৈক্ সমগ্র দেশতে সোমবাৰে পুৱা যোগ দিৱসৰ কার্যসূচী ৰূপায়ণ কৰে৷ লাডাখৰ ১৮ হাজাৰ ফুট উচ্চতাত আই টি বি পিৰ জোৱানসকলে বৰফৰ দলিচাত যোগ অনুশীলন কৰাৰ লগতে নৌবাহিনীৰ জোৱানে সাগৰৰ বুকুত যোগাভ্যাস কৰে৷ শাৰীৰিক আৰু মানসিক স্বাস্থ্যৰ কাৰণে যোগ অনুশীলনক প্রাধান্য দি উদযাপন কৰা সপ্তম আন্তঃৰাষ্ট্রীয় যোগ দিৱস উপলক্ষে সোমবাৰে পুৱা দেশবাসীক সম্বোধন কৰে প্রধানমন্ত্রী নৰেন্দ্র মোদীয়ে৷
সু–স্বাস্থ্যৰ কাৰণে যোগৰ প্রাসংগিকতাৰ প্রসংগৰে প্রধানমন্ত্রী মোদীয়ে কয়– ক’ৰোনা ভাইৰাছ মহামাৰীৰ বিৰুদ্ধে বিশ্বৰ যুঁজত যোগ হৈছে আশাৰ কিৰণ৷ এই জটিল সন্ধিক্ষণত যোগ মানুহৰ অন্তঃশক্তিৰ উৎস হিচাপে উদ্ভাসিত হৈছে৷ বিশ্ব স্বাস্থ্য সংস্থা, চমুকৈ ‘হু’ৰ সৈতে মিলিত হৈ ভাৰতে গুৰুত্বপূর্ণ পদক্ষেপ হিচাপে ‘এম–যোগ’ এপ মুকলি কৰা হ’ব বুলি ঘোষণা কৰি প্রধানমন্ত্রী মোদীয়ে কয়– ‘এই এপটোত যোগ অনুশীলনৰ বিভিন্ন ভিডি’ সন্নিৱিষ্ট কৰা হ’ব৷ বিশ্বৰ বিভিন্ন ভাষাত কমন যোগ প্রট’কলৰ আধাৰত ভিডিঅ’ সন্নিৱিষ্ট কৰা হ’ব৷ ইয়ে ‘এক বিশ্ব, এক স্বাস্থ্য’ লক্ষ্যক সফলতা কৰাত সহায় কৰিব৷ ঘাতক ক’ভিড–১৯ত আক্রান্ত ৰোগীসকলক চিকিৎসাৰ সময়ত কৱচ ৰূপে যোগ চিকিৎসকসকলে ব্যৱহাৰ কৰা বুলি উল্লেখ কৰি প্রধানমন্ত্রী মোদীয়ে কয়– সম্প্রতি চিকিৎসা বিজ্ঞানেও আনকি চিকিৎসা প্রদানৰ সৈতে নিৰাময় প্রক্রিয়াত গুৰুত্ব দিছে৷ নিৰাময় প্রক্রিয়াত যোগে সহায় কৰে৷ তেনেদৰে ক’ভিড–১৯ ৰোগীৰ চিকিৎসাৰ সময়ত চিকিৎসকসকলে যোগক কৱচ হিচাপে লোৱাৰ চিকিৎসালয়ৰ অনেক দৃশ্য প্রধানমন্ত্রী মোদীয়ে প্রত্যক্ষ কৰাই কয় যে চিকিৎসালয়ত ৰোগীক নার্ছ আৰু চিকিৎসকে শ্বাস–প্রশ্বাস লোৱাৰ অনুশীলন বিশেষকৈ ‘অনুলম বিলম প্রাণায়াম’ শিকায়৷ আন্তর্জাতিক বিশেষজ্ঞসকলেও মানি লৈছে যে যোগৰ এই অনুশীলনে মানুহৰ শ্বাস–প্রশ্বাস প্রক্রিয়াক শক্তিশালী কৰি তোলে৷
এই বছৰৰ যোগ দিৱসৰ মন্ত্র কল্যাণৰ কাৰণে যোগৰ প্রাসংগিকতাক উল্লেখ কৰি মোদীয়ে কয় যে ঘৰত যোগ আৰু পৰিয়ালৰ সৈতে যোগ আজি সমগ্র বিশ্বতে অব্যাহত আছে৷ যোগ দিৱসে জনতাক উৎসাহিত কৰে৷ আনকি এই যোগে শৰীৰৰ লগতে মনকো সজীৱ কৰি তোলে৷ প্রত্যেক দেশ, অঞ্চল আৰু জনতাক সুস্থ হৈ থাকিবলৈ প্রধানমন্ত্রী মোদীয়ে প্রার্থনা জনাই গীতাৰ শ্লোক আওৰায়৷ যোগৰ সামূহিক যাত্রাই প্রত্যেকৰ কাৰণে সমস্যা সমাধানত অৰিহণা যোগায় বুলি উল্লেখ কৰি প্রধানমন্ত্রীগৰাকীয়ে কয়– এইটো গুৰুত্বপূর্ণ যে যোগে প্রতিজন ব্যক্তিক নিজৰ বুনিয়াদ আৰু শিপাৰ সৈতে সম্পর্কিত হৈ থাকিবলৈ শিকায়৷
উল্লেখ্য যে ৰাষ্ট্রসংঘই ২০১৪ চনত ২১ জুনৰ দিনা আন্তঃৰাষ্ট্রীয় যোগ দিৱস হিচাপে উদ্যাপন কৰাৰ বাবে আনুষ্ঠানিক স্বীকৃতি দিয়ে৷ তেতিয়াৰে পৰা ৰাষ্ট্রসংঘৰ দ্বাৰা স্বীকৃত দেশসমূহত যোগ দিৱস উদ্যাপন কৰি অহা হৈছে৷ এইবেলিও সমগ্র বিশ্বতে সপ্তম আন্তঃৰাষ্ট্রীয় যোগ দিৱস উদ্যাপন কৰা হয়৷ ৰাষ্ট্রসংঘৰ কার্যালয়ৰ পৰা আমেৰিকা যুক্তৰাষ্ট্রৰ ৰাজধানী, গ্রেট ব্রিটেইনৰ বিভিন্ন স্থানৰ লগতে ৰাছিয়ালৈকে, কাটাৰৰ পৰা মুছলিম দেশ পাকিস্তানলৈকে আজি পুৰুষ–মহিলা–শিশু–বৃদ্ধ যোগ অনুশীলন কৰে৷ ভাৰতৰ ৰাষ্ট্রপতি ৰাম নাথ কোৱিন্দে ৰাষ্ট্রপতি ভৱনৰ চৌহদত যোগ অনুশীলন কৰাৰ লগতে উপ–ৰাষ্ট্রপতি এম ভেংকায়া নাইডুৱে তেওঁৰ পত্নীৰ সৈতে চৰকাৰী বাসভৱনত যোগ অনুশীলন কৰে৷