নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

দক্ষিণ ভাৰতত অধিক সক্রিয় আইছিছ

নিয়মীয়া বাৰ্তা ১৭ ছেপ্টেম্বৰঃ দক্ষিণ ভাৰতত বিভিন্ন ৰাজ্যত সক্রিয় হৈছে ইছলামিক ষ্টেট (আইছিছ) সন্ত্রাসবাদী৷ শেহতীয়াকৈ কেন্দ্রীয় চৰকাৰে সদৰী কৰিছে এই তথ্য৷ ৰাষ্ট্রীয় অনুসন্ধান সংস্থা (নিয়া)ই ইতিমধ্যে তেলেংগানা, কেৰালা, অন্ধ্র প্রদেশ আৰু কর্ণাটকত ইছলামিক ষ্টেটৰে সম্পর্ক থকাৰ অভিযোগত ১৭টা গোচৰ ৰুজু কৰিছে৷

ইফালে, কেন্দ্রীয় সংস্থাটোৱে বিভিন্ন স্থানত তালাচী চলাই গ্রেপ্তাৰ কৰিছে ১২২গৰাকী লোকক৷ নিয়াৰ তথ্য অনুসৰি দক্ষিণৰ ৰাজ্যসমূহৰ উপৰি পশ্চিমবংগ, ৰাজস্থান, বিহাৰ, উত্তৰ প্রদেশ, মধ্য প্রদেশ আৰু জম্মু–কাশ্মীৰতো সক্রিয় হৈ আছে বিভিন্ন নামেৰে ইছলামিক জেহাদী৷ ৰাজ্যসভাত এই কথা সদৰী কৰিছে কেন্দ্রীয় গৃহ দপ্তৰৰ ৰাজ্যিক মন্ত্রী জি কিষাণ ৰেড্ডীয়ে৷

You might also like