নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

বিকশিত ভাৰতৰ ৰূপকাৰ নৰেন্দ্র মোদী

সর্বানন্দ সোণোৱাল

নিয়মীয়া বাৰ্তা ১৭ ছেপ্টেম্বৰঃ   ২০১৪ চনত দেশৰ প্রধানমন্ত্রী হিচাপে দায়িত্বভাৰ লৈয়ে মাননীয় নৰেন্দ্র মোদী ডাঙৰীয়াই নিজকে ‘জনতাৰ সেৱক’ হিচাপে ঘোষণা কৰিছিল৷ দেশ সেৱাকেই জীৱনৰ মূলমন্ত্র হিচাপে লৈ আমাৰ দেশক বিশ্ববাসীৰ সন্মুখত শক্তিশালী ৰূপত তুলি ধৰিবলৈ ‘সব্কা সাথ, সব্কা বিকাশ, সব্কা বিশ্বাস’ নীতিৰ আধাৰত সকলো জাতি–জনগোষ্ঠী, ভাষা–ভাষী, ধর্মাৱলম্বী লোকক লগত লৈ তেখেতে নতুন ভাৰত গঢ়াৰ যি আপোচবিহীন যাত্রা আৰম্ভ কৰিছিল, বিগত ছয়টা বছৰত তাৰ ফলপ্রসূতা ভাৰতবাসীয়ে স্বচক্ষে প্রত্যক্ষ কৰিবলৈ সক্ষম হৈছে৷ মাননীয় মোদী ডাঙৰীয়াৰ ভৱিষ্যমুখী পদক্ষেপসমূহৰ বাবেই প্রবাসী ভাৰতীয়সকলেও নিজকে এগৰাকী ভাৰতীয় বুলি পৰিচয় দি আজি গৌৰৱবোধ কৰিছে৷ ভাৰতবর্ষক বিশ্বগুৰুৰ আসনত প্রতিষ্ঠা কৰাৰ লক্ষ্যৰে মাননীয় প্রধানমন্ত্রী নৰেন্দ্র মোদী ডাঙৰীয়াই গণতান্ত্রিক প্রমূল্যবোধ আৰু ভাৰতীয় দর্শনৰ আধাৰত গ্রহণ কৰা পদক্ষেপসমূহে বিশ্ব দৰবাৰত ভাৰতবর্ষৰ প্রতিচ্ছবি শক্তিশালী কৰি তুলিছে৷
প্রত্যাহ্বানৰ ওচৰত শিৰ নত নকৰি এইগৰাকী বিশ্ব সমাদৃত নেতা জীৱনৰ বাটত যিদৰে উজলি উঠিছে, সেয়া প্রতিগৰাকী ব্যক্তিৰ বাবে আজি প্রেৰণাৰ উৎস হৈ পৰিছে৷ মাননীয় প্রধানমন্ত্রী ডাঙৰীয়াই পাঁচ হাজাৰ বছৰীয়া ভাৰতীয় সভ্যতা–সংস্কৃতিৰে দেশবাসীক আগুৱাই নি বিশ্ব দৰবাৰত ভাৰতবর্ষৰ শক্তি আৰু সামর্থ্য প্রতিপন্ন কৰাৰ বাবে লোৱা পদক্ষেপে বিশ্বৰ ৭৫০ কোটি জনসাধাৰণৰ দৃষ্টি আকর্ষণ কৰিবলৈ সক্ষম হৈছে৷ মাননীয় মোদী ডাঙৰীয়াৰ বলিষ্ঠ পদক্ষেপৰ বাবেই আজি বিশ্ববাসীয়ে বিশ্ব শান্তি, সুস্থ শৰীৰ আৰু সুস্থ মনৰ বাবে যোগাভ্যাসৰ প্রয়োজনীয়তা গভীৰভাৱে উপলব্ধি কৰিবলৈ সক্ষম হৈছে৷
দেশৰ প্রতিটো জাতি–জনগোষ্ঠীয়ে যাতে নিজস্ব ভাষা–সংস্কৃতি উজ্জীৱিত কৰি স্বাভিমানেৰে জীয়াই থাকিব পাৰে, তাৰ বাবে মাননীয় মোদী ডাঙৰীয়াৰ নেতৃত্বত কেন্দ্রীয় চৰকাৰে প্রণয়ন কৰা ‘নতুন ৰাষ্ট্রীয় শিক্ষা নীতি’য়ে মাতৃভাষাকেন্দ্রিক শিক্ষা ব্যৱস্থা গঢি তোলাৰ লগতে ভাৰতীয় পৰম্পৰা, মূল্যবোধৰ ভেটিত বিশ্বৰ বুকুত আধুনিক ধ্যান–ধাৰণাৰে আগুৱাই যোৱাৰ বাবে দেশৰ ন–পুৰুষলৈ নতুন আশা আৰু উদ্দীপনাৰ জোৱাৰ কঢ়িয়াই আনিছে৷ একেদৰেই একবিংশ শতিকাৰ এই বিজ্ঞান আৰু প্রযুক্তিবিদ্যাৰ যুগত ‘ডিজিটেল ইণ্ডিয়া অভিযান’ৰ সূচনাৰে দেশবাসীৰ মাজত বিজ্ঞানমনস্ক দৃষ্টিভংগীৰ প্রসাৰ সাধন, প্রশাসনৰ সকলো স্তৰতে স্বচ্ছতা আৰু সকলো কাম–কাজ ডিজিটেল মাধ্যমেৰে সম্পন্ন কৰি দুর্নীতি ৰোধৰ বাবে গ্রহণ কৰা মাননীয় প্রধানমন্ত্রীৰ পদক্ষেপে আমাৰ দেশখনক আজি বহুদূৰ আগুৱাই লৈ যাবলৈ সক্ষম হৈছে৷ আজি উঠি অহা প্রজন্মই ‘ডিজিটেল ইণ্ডিয়া’ৰ স্বপ্ণক বাস্তৱায়িত কৰাৰ বাবে নিজকে নিয়োজিত কৰাৰ প্রতি আগ্রহী হৈ উঠিছে৷
ভাৰতবর্ষৰ সার্বভৌমত্ব, একতা আৰু অখণ্ডতা ৰক্ষাৰ বাবে মাননীয় প্রধানমন্ত্রী ডাঙৰীয়াই গ্রহণ কৰা পদক্ষেপৰ বাবে আজি দেশবাসীৰ আত্মবিশ্বাস বৃদ্ধি পাইছে৷ পাকিস্তানৰ বিৰুদ্ধে ছার্জিকেল ষ্ট্রাইক, ভাৰত–চীন সীমান্তত ভাৰতীয় সেনাৰ শক্তিশালী স্থিতিয়ে প্রমাণ কৰে মাননীয় প্রধানমন্ত্রী ডাঙৰীয়াৰ দেশৰ প্রতি থকা গভীৰ দায়বদ্ধতা৷ ‘এক ৰাষ্ট্র, এক সংবিধান’ৰ আদর্শ দেশবাসীৰ সন্মুখত তুলি ধৰাৰ বাবে কাশ্মীৰৰ পৰা সংবিধানৰ ৩৭০নং অনুচ্ছেদৰ বিলুপ্তি ঘটাই তেখেতে স্বদেশ প্রেমৰ আদর্শ ভাৰতবাসীৰ মাজত শক্তিশালী কৰি তুলিছে৷ মহামানৱ মহাত্মা গান্ধীৰ ‘ৰাম ৰাজ্য’ৰ সপোন সার্থক কৰাৰ বাবে মাননীয় প্রধানমন্ত্রী ডাঙৰীয়াই ভাৰতীয় মূল্যবোধৰ আধাৰত যিসমূহ পদক্ষেপ গ্রহণ কৰি আহিছে, সেয়া আমাৰ সকলোৰে বাবে এক মহৎ আদর্শত পৰিণত হৈছে৷ ৰাম মন্দিৰৰ ভূমি বিবাদৰ ৫০০ বছৰীয়া অমীমাংসিত সমস্যা আইনগতভাৱে মীমাংসা কৰাৰ লগতে অত্যন্ত শৃংখলাবদ্ধতাৰে ৰাম মন্দিৰৰ ভূমি পূজন সম্পন্ন কৰি মাননীয় মোদী ডাঙৰীয়াই দেশবাসীৰ দীর্ঘকালৰ আকাংক্ষাক বাস্তৱায়িত কৰিছে৷
মাননীয় প্রধানমন্ত্রীগৰাকীৰ্ অতুলনীয় ভূমিকাৰ বাবেই আজি দেশৰ অর্থনৈতিক কার্যকলাপৰ অন্যতম কেন্দ্র হিচাপে ডত্তৰ–পূর্বাঞ্চলৰ দ্রুত ডত্থান ঘটিছে৷ স্বৰাজোত্তৰ সাতোটা দশকত ভূতপূর্ব প্রধানমন্ত্রী অটল বিহাৰী বাজপেয়ীৰ পাছতে মাননীয় নৰেন্দ্র মোদী ডাঙৰীয়াই একমাত্র প্রধানমন্ত্রী, যি দেশৰ অন্য প্রান্তৰ লগতে অসম তথা উত্তৰ–পূর্বাঞ্চলক সমভাৱে আগুৱাই নিয়াৰ বাবে দৃঢ়তাৰে বিভিন্ন পদক্ষেপ গ্রহণ কৰিছে৷ পূর্বে কোনো এখন চৰকাৰে অসম তথা উত্তৰ–পূর্বাঞ্চলৰ সম্পদ আৰু সম্ভাৱনীয়তা যথার্থতে আৱিষ্কাৰ কৰাৰ বাবে বাস্তৱসন্মত পদক্ষেপ গ্রহণ নকৰাৰ ফলত দেশৰ উন্নয়নী প্রক্রিয়াটোৰ অংশীদাৰ হোৱা বাবে উত্তৰ–পূবৰ জনসাধাৰণ সমানে আগবাঢি যাব পৰা নাছিল৷ কিন্তু মাননীয় প্রধানমন্ত্রী মোদী ডাঙৰীয়াৰ দূৰদর্শী নীতিৰ বাবে আজি এই অঞ্চলৰ জনসাধাৰণৰ আস্থা আৰু মনোবল বৃদ্ধি পাইছে৷
২০১৯ বর্ষৰ জানুৱাৰী মাহত কামৰূপ জিলাৰ চাংসাৰিত অনুষ্ঠিত বিশাল জনসভাত মাননীয় মোদী ডাঙৰীয়াই সুকণ্ঠী গায়িকা লতা মংগেশকাৰে কণ্ঠ নিগৰোৱা সুধাকণ্ঠ ড০ ভূপেন হাজৰিকাৰ অমৰ সৃষ্টি ‘গোদাবৰী নৈৰে পাৰৰে পৰা অসমী আইলৈ যাচোঁ প্রণাম’ শীর্ষক গীত আওৰাই অসম মাতৃৰ প্রতি থকা সদিচ্ছাৰ স্পষ্ট আভাস দিছিল৷ মাননীয় প্রধানমন্ত্রী ডাঙৰীয়াই উত্তৰ–পূর্বাঞ্চলক ‘অষ্টলক্ষ্মী’ আৰু ‘দেশৰ বিকাশৰ নতুন ইঞ্জিন’ হিচাপে অভিহিত কৰি দ্রুততাৰে উন্নয়নমূলক আঁচনি ৰূপায়ণৰ বাবে যুগান্তকাৰী পদক্ষেপ গ্রহণ কৰিছে৷ কেন্দ্রীয় চৰকাৰে এই অঞ্চলৰ বাবে ঘোষণা কৰা আঁচনিসমূহ সময়োচিত আৰু ফলপ্রসূ ৰূপায়ণ সম্ভৱ কৰি তুলিবলৈ প্রতিগৰাকী কেন্দ্রীয় মন্ত্রীক প্রতি পষেকত এবাৰকৈ অঞ্চলটো ভ্রমণ কৰিবলৈ তেখেতে নির্দেশ দিছে৷ আনহাতে, দেশৰ ইতিহাসত নজিৰ সৃষ্টি কৰি মাননীয় মোদী ডাঙৰীয়াই নিজেও ৩০বাৰতকৈও অধিক এই অঞ্চলটো ভ্রমণ কৰিছে৷ এই কথাই উত্তৰ–পূর্বাঞ্চলৰ প্রতি থকা তেখেতৰ গভীৰ সদিচ্ছাকে প্রতীয়মাণ কৰিছে৷
মাননীয় প্রধানমন্ত্রী ডাঙৰীয়াই ‘এক্ট ইষ্ট পলিচী’ৰ জৰিয়তে অসম তথা উত্তৰ–পূর্বাঞ্চলৰ সৈতে দক্ষিণ–পূব এছিয়াৰ সংযোগ সাধনৰ বাবে লোৱা পদক্ষেপৰ ফলত যাতায়াত, যোগাযোগ, ব্যৱসায়–বাণিজ্য, পর্যটন, সাংস্কৃতিক আদান–প্রদান, ক্রীডা, তথ্য–প্রযুক্তি, কৃষি ইত্যাদি সকলো ক্ষেত্রতে নতুন সম্ভাৱনাৰ দুৱাৰ মুকলি হৈছে৷ বিগত ৬ বছৰে যাতায়াত আৰু যোগাযোগ খণ্ডত অভাৱনীয় পৰিৱর্তন সম্ভৱ হৈছে৷ অঞ্চলটোৰ ৰে’লপথৰ বিদ্যুতীকৰণ আৰু দ্বৈত ৰে’লপথ নির্মাণ, অসামৰিক বিমান পৰিবহণৰ বাবে ‘ডডান’ আঁচনিৰ সূচনা, ড্রাইলেটাৰেল এছিয়ান হাইৱে’ৰ কাম দ্রুততাৰে সম্পূর্ণ কৰাৰ ওপৰত গুৰুত্ব আৰোপ, বৰাক নদীৰ খননৰ জৰিয়তে জল পৰিবহণৰ বিকাশ সাধনৰ দৰে যুগান্তকাৰী পদক্ষেপে ডত্তৰ–পূবৰ জনতাৰ মাজলৈ নতুন আশা আৰু সম্ভাৱনাৰ জোৱাৰ আনিছে৷
অসমৰ প্রতি থকা মাননীয় প্রধানমন্ত্রীগৰাকীৰ্ মৰম আৰু আকর্ষণৰ কথা তেওঁৰ ‘মন কী বাত’ৰ দৰে অনুষ্ঠানসমূহৰ মাধ্যমেৰেই প্রতীয়মাণ হয়, য’ত তেওঁ ৰাজ্যখনৰ বিভিন্ন ক্ষেত্রৰ ব্যক্তিসকলৰ সৈতে নিয়মীয়াকৈ বার্তালাপ কৰি তেওঁলোকৰ সুখ–দুখৰ লগতে সমস্যা আৰু সম্ভাৱনাসমূহৰ বুজ লৈ আহিছে৷ ৰাজ্যখনৰ সর্বাংগীণ ডন্নয়নৰ প্রতি থকা নিভাঁজ আন্তৰিকতা আৰু দায়বদ্ধতাৰ বাবেই দীর্ঘদিনে সম্পূর্ণ নোহোৱা বহুকেইটা গুৰুত্বপূর্ণ আন্তঃগাঁথনিগত প্রকল্পই বাস্তৱ ৰূপ পোৱাটো সম্ভৱ হৈ ডঠিল৷ দেশৰ দীর্ঘতম ধলা–শদিয়া দলং, দীর্ঘতম ৰে’ল আৰু পথ সংযুক্ত বগীবিল দলং, শৰাইঘাটৰ নতুন দলঙৰ মুকলিকৰণ ইয়াৰ জ্বলন্ত ডদাহৰণ৷ একেদৰে লোকপ্রিয় গোপীনাথ বৰদলৈ আন্তর্জাতিক বিমানবন্দৰৰ নতুন টার্মিনেল নির্মাণ, চাংসাৰিত এইম্ছ আৰু গোগামুখত ভাৰতীয় কৃষি গৱেষণা প্রতিষ্ঠানৰ কেন্দ্র নির্মাণৰ দৰে বৃহৎ পদক্ষেপ গ্রহণ কৰা হৈছে৷
অসমৰ স্বাভিমান দেশ তথা বিশ্বৰ বুকুত তুলি ধৰি মাননীয় প্রধানমন্ত্রী ডাঙৰীয়াই অসমীয়া জাতিক আজি বিশ্বৰ বুকুত সুকীয়া স্থান প্রদান কৰিছে৷ ব্যক্তিগত জীৱনৰ লগতে বিভিন্ন ৰাষ্ট্রীয়–আন্তঃৰাষ্ট্রী কার্যসূচীত অসমীয়া গামোচা পৰিধান কৰি অসমীয়া শিপিনীৰ স্বাভিমান তেখেতে বিশ্বৰ বুকুত তুলি ধৰিছে৷ অসমীয়া শিপিনীয়ে তাঁতশালত ৰচা সপোনক মর্যাদা প্রদান কৰি তেখেতে সমগ্র জাতিটোৰ আত্মপ্রত্যয় বৃদ্ধি কৰিছে৷ সুধাকণ্ঠ ড০ ভূপেন হাজৰিকাক দেশৰ সর্বোচ্চ অসামৰিক সন্মান ‘ভাৰতৰত্ন’ প্রদান কৰি অসমীয়া সংস্কৃতিৰ পথাৰখনক অধিক উজলাই তোলাৰ উপৰি আমাৰ জাতি সত্তাক নতুন ৰূপত সঞ্জীৱিত কৰি তুলিছে৷ অসমৰ প্রতিটো জাতি–জনগোষ্ঠীৰ প্রতি তেখেতৰ সদ্ভাৱ অতুলনীয়৷ বি টি আৰ চুক্তিৰ জৰিয়তে ৰাজ্যখনৰ শান্তি প্রতিষ্ঠাৰ বাবে তেখেতে লোৱা পদক্ষেপৰ ফলত আজি ৰাজ্যখনৰ উন্নয়নী প্রক্রিয়াটোৱে বিশেষ মাত্রা লাভ কৰিছে৷
২০১৮ চনৰ ফেব্রুৱাৰী মাহত গুৱাহাটীত অনুষ্ঠিত বিশ্ব বিনিয়োগ সন্মিলনত অংশগ্রহণ কৰি প্রধানমন্ত্রী নৰেন্দ্র মোদীয়ে ভূপেনদাৰ ‘অগ্ণিযুগৰ ফিৰিঙতি মই’ শীর্ষক গীতৰ কলি আওৰাই ‘নতুন অসম’ গঢ়াৰ পণ লৈছিল৷ এই আদর্শৰেই আমাৰ ৰাজ্যখনৰ সর্বাংগীণ বিকাশৰ বাবে মাননীয় প্রধানমন্ত্রীগৰাকীয়্ গ্রহণ কৰা আন্তৰিকতাপূর্ণ পদক্ষেপ আৰু তেখেতৰ দূৰদশ্ চিন্তা তথা কর্মই আজি অসমবাসীক দেশৰ বিকাশৰ গুৰুত্বপূর্ণ অংশীদাৰ হিচাপে আগুৱাই যাবলৈ নতুন সাহস আৰু প্রেৰণা দিছে৷

You might also like