নিয়মীয়া বাৰ্তা, ১৭ ডিচেম্বৰঃ জে ই ই মেইন–২০২১ৰ দিন আৰু বছৰটোত কেইবাৰ অনুষ্ঠিত হ’ব, সেই সন্দর্ভত আনুষ্ঠানিক ঘোষণা কৰিছে কেন্দ্রীয় শিক্ষামন্ত্রী ৰমেশ পোখৰিয়াল নিশাংকে৷ আজি সন্ধিয়া কেন্দ্রীয় শিক্ষামন্ত্রীগৰাকীয়ে ২০২১ত জে ই ই মেইন পৰীক্ষা বছৰটোত চাৰিবাৰ অনুষ্ঠিত কৰা হ’ব বুলি ঘোষণা কৰে৷ সেই অনুসৰি ফেব্রুৱাৰী, মার্চ, এপ্রিল আৰু মে’ত পৰীক্ষাকেইটা অনুষ্ঠিত হ’ব৷ প্রথম পৰীক্ষা ফেব্রুৱাৰী মাহৰ ২৩–২৬ত অনুষ্ঠিত হ’ব৷ পৰীক্ষার্থীসকলে নিজৰ ইচ্ছা মতে উল্লিখিত চাৰিবাৰৰ পৰীক্ষাত অৱতীর্ণ হ’ব পাৰিব৷ এগৰাকী শিক্ষার্থীয়ে চাৰিবাৰকৈ পৰীক্ষাত উত্তীর্ণ হ’ব পাৰিব আৰু ইয়াৰে ভিতৰত যিটো পৰীক্ষা অধিক ভাল হয়, তাক গণনা কৰা হ’ব৷
উল্লেখ্য যে কিছুদিন পূর্বে শিক্ষামন্ত্রীগৰাকীয়ে জে ই ই মেইন পৰীক্ষা অনুষ্ঠিত কৰাৰ বাবে দেশৰ বিভিন্ন শিক্ষা প্রতিষ্ঠানৰ পৰা কেতিয়া অনুষ্ঠিত কৰিব, তাক লৈ পৰামর্শ গ্রহণ কৰিছিল৷ বিগত সপ্তাহত শিক্ষামন্ত্রীগৰাকীয়ে শিক্ষার্থীৰ সৈতে অনলাইনযোগে এই সন্দর্ভত বার্তালাপো কৰিছে৷ এই বার্তালাপ আৰু শিক্ষা প্রতিষ্ঠানসমূহৰ পৰা গ্রহণ কৰা পৰামর্শৰ আধাৰতেই বছৰত চাৰিবাৰ জে ই ই মেইন অনুষ্ঠিত কৰাৰ সিদ্ধান্ত গ্রহণ কৰা হয়৷
তাৎপর্যপূর্ণ যে চিকিৎসা পাঠ্যক্রমৰ বাবে নীট আৰু অভিযান্ত্রিক পাঠ্যক্রমত নামভর্তিৰ বাবে জে ই ই মেইন ২০২১ চনৰ পৰীক্ষাত পাঠ্যক্রম সালসলনি কৰা নহয় বুলি ইতিমধ্যে ঘোষণা কৰিছে৷ ২০২০ বর্ষত ক’ভিড–১৯ মহামাৰীৰ বাবে নীট আৰু জে ই ই মেইন পৰীক্ষা অনুষ্ঠিত কৰাত ব্যাঘাত জন্মিছিল৷ সম্প্রতি দেশৰ পৰিস্থিতি স্বাভাৱিক হোৱাৰ দিশে আগবাঢ়ি থকাৰ পৰিপ্রেক্ষিতত ২০২১ বর্ষৰ পৰীক্ষাকেইটা শিক্ষা মন্ত্রালয়ে নির্ধাৰিত কৰা তাৰিখ অনুযায়ী অনুষ্ঠিত হ’ব৷