নিয়মীয়া বাৰ্তা, ৮ আগষ্টঃ জনছন এণ্ড জনছনৰ একক পালি ক’ভিড–১৯ ভেকচিন ভাৰতত জৰুৰীকালীন ব্যৱহাৰত অনুমোদন জনাইছে কেন্দ্রীয় স্বাস্থ্য মন্ত্রালয়ে৷
কালি জনছন এণ্ড জনছনে একক পালি ক’ভিড ভেকচিন ভাৰতত ব্যৱহাৰৰ অনুমতি বিচাৰি জনোৱা আবেদন কেন্দ্রীয় চৰকাৰে মঞ্জুৰ কৰি এই ভেকচিন জৰুৰীকালীন ব্যৱহাৰত অনুমোদন জনায়৷
কেন্দ্রীয় স্বাস্থ্যমন্ত্রী মনসুখ মান্দাভিয়াই টুইটাৰযোগে জনছন এণ্ড জনছনৰ একক পালি ভেকচিনটো ভাৰতত ব্যৱহাৰ কৰাৰ অনুমতি প্রদান কৰা বুলি প্রকাশ কৰিছে৷
উল্লেখ্য যে জনছন এণ্ড জনছনৰ এই একক পালি ভেকচিনটোক লৈ ভাৰতত ৫টা ভেকচিন জৰুৰীকালীন ব্যৱহাৰত অনুমোদন জনোৱা হৈছে৷ এই ভেকচিনকেইটা হৈছে ছিৰাম ইনষ্টিটিউট অৱ ইণ্ডিয়াৰ ক’ভিশ্বিল্ড, ভাৰত বায়’টেকৰ ক’ভাক্সিন, ৰাছিয়াৰ স্পুটনিক ভি, মর্ডানা আৰু শনিবাৰে অনুমোদন জনোৱা জনছন এণ্ড জনছনৰ ক’ভিড ভেকচিন৷
তাৎপর্যপূর্ণ যে ভাৰতত চৰকাৰীভাৱে ছিৰামৰ ক’ভিশ্বিল্ড আৰু ভাৰত বায়’টেকৰ ক’ভাক্সিন ভেকচিন প্রদান কৰি থকা হৈছে৷ এই দুয়োটা ভেকচিনেই দেশীয়ভাৱে উৎপাদিত৷