নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

ক’ভিডত আক্ৰান্ত মন্ত্ৰী অতুল বৰা

নিয়মীয়া বাৰ্তা, ৮ আগষ্টঃ  মন্ত্ৰী অতুল বৰা আক্ৰান্ত হৈছে ক’ভিডত। সামান্য জ্বৰত আক্ৰান্ত হোৱাৰ পাছত পৰীক্ষা কৰোতে মন্ত্ৰীগৰাকীৰ শৰীৰত ধৰা পৰে ক’ভিডৰ উপস্থিতি।

বৰ্তমান মন্ত্ৰীগৰাকীৰ স্বাস্থ্যৰ অৱস্থা সুস্থিৰ যদিও চিকিৎসকৰ তত্বাবধানত ৰখা হৈছে। মন্ত্ৰী অতুল বৰাক ভৰ্তি কৰোৱা হৈছে গুৱাহাটী চিকিৎসা মহাবিদ্যালয় হাস্পতালত।

ইপিনে বিগত সময়ছোৱাত মন্ত্ৰীগৰাকীৰ সংস্পৰ্শলৈ অহা লোকসকলক ক’ভিড পৰীক্ষা কৰিবলৈ আহ্বান জনাইছে মন্ত্ৰীগৰাকীয়ে।

You might also like