নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

দেশৰ স্বাধীনতাক লৈ বিতর্কিত মন্তব্য কৰি সংকটত কংগনা

নিউজ ডেস্ক, ৯ অক্টোবৰ : ‘১৯৪৭ চনৰ স্বাধীনতা ভিক্ষা আছিল, ভাৰতে আচলতে স্বাধীনতা লাভ কৰিছে ২০১৪ চনত৷’– তিনি বছৰ পূর্বে সংবাদ মাধ্যমক দিয়া এক সাক্ষাৎকাৰত এই মন্তব্য আগবঢ়াই বিতর্কৰ সৃষ্টি কৰিছিল অভিনেত্রী কংগনা ৰাণাৱটে৷ বিজেপিৰ টিকটত সাংসদ হোৱাৰ পাছত এইবাৰ সেই মন্তব্যই সমস্যাত পেলাইছে অভিনেত্রীগৰাকীক৷ বিতর্কিত মন্তব্যৰ বাবে বিজেপি সাংসদগৰাকীলৈ জাননী প্রেৰণ কৰিছে আদালতে৷ কংগনাৰ বিতর্কিত মন্তব্যৰ বিৰুদ্ধে অভিযোগ দাখিল কৰিছিল অধিবক্তা অমিত কুমাৰ ছাউৱে৷ ২০২১ চনত এই অভিযোগ আৰক্ষীৰ ওচৰত দাখিল কৰা হৈছিল৷ আৰক্ষীয়ে কোনোধৰণৰ পদক্ষেপ নোলোৱা বাবে আদালতত গোচৰ তৰে অধিবক্তাগৰাকীয়ে৷

You might also like