নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

হিজাব হাৰিল! নিষেধাজ্ঞাৰ পক্ষত আদালত

বিশেষ বাৰ্তা, ১৫ মাৰ্চঃ হিজাব নিষেধাজ্ঞাৰ পক্ষত কর্ণাটক হাইকোর্ট। “হিজাব পিন্ধা ইছলামৰ অপৰিহার্য ধর্মীয় অনুশীলন নহয়”, এই মতামতেৰে স্কুল-কলেজ তথা শিক্ষা প্রতিষ্ঠানৰ শিক্ষাৰ্থীৰ হিজাব সংক্রান্তীয় মোকৰ্দমাত নিষেধাজ্ঞাৰ সমর্থনতেই ৰায় দিলে কর্ণাটক হাইকোর্ট। স্কুল-কলেজত হিজাব পিন্ধাৰ নিষেধাজ্ঞা বহাল ৰাখি হাইকোর্টে পুনৰ ঘোষণা কৰিলে যে শিক্ষা প্রতিষ্ঠানসমূহৰ ইউনিফর্ম নির্ধাৰণ কৰাৰ অধিকাৰ আছে। লগতে কলেজত হিজাব পৰিধান কৰাৰ অনুমতি বিচৰা মুছলিম ছাত্রীসকলে ৫ ফেব্রুৱাৰীত দাখিল কৰা আৱেদন খাৰিজ কৰে আদালতে। বহু প্রতীক্ষিত হিজাব গোচৰৰ ৰায়দানৰ আগেয়ে গোটেই ৰাজ্যখনত ১৪৪ ধাৰা জাৰি কৰা হৈছিল যাতে কোনোধৰণৰ অপ্রীতিকৰ ঘটনা ঘটিবলৈ নাপায়। ৰাজধানী বাংগালুৰুত নিৰাপত্তা বাহিনীক সস্তম কৰি ৰখা হয়।

You might also like