নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

আপৰ কার্যত ক্ষুব্ধ আন্নাৰ কেজৰিৱাললৈ পত্র

নিয়মীয়া বাৰ্তা, ৩১ আগষ্ট: এসময়ত একেলগে দুর্নীতিবিৰোধী আন্দোলন আৰম্ভ কৰিছিল গান্ধীবাদী নেতা আন্না হাজাৰে আৰু অৰবিন্দ কেজৰিৱালে৷ এইবাৰ দিল্লীৰ নতুন আবকাৰী নীতিক লৈ অভিযোগ তুলি কেজৰিৱাললৈ পত্র লিখিলে আন্নাই৷ দিল্লীৰ মুখ্যমন্ত্রীৰ কথা আৰু কামত মিল নাই বুলিও উল্লেখ কৰিছে আন্নাই৷ দিল্লীৰ আপ চৰকাৰো দুর্নীতিত লিপ্ত হোৱা বুলি অভিযোগ কৰে আন্না হাজাৰেই৷ লক্ষণীয়ভাৱে এই পত্রখনত কেজৰিৱালক লোকপাল নিযুক্তিৰ দাবীটো মনত পেলাই দিয়ে আন্নাই৷

You might also like