নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

প্রদেশ যুৱ কংগ্রেছৰ সভাপতি অংকিতা দত্তলৈ চিবিআই আদালতৰ চমন

৩ ছেপ্টেম্বৰত চিবিআইৰ কার্যালয়ত হাজিৰ হোৱাৰ নির্দেশ

নিয়মীয়া বাৰ্তা, ৩১ আগষ্ট: প্রদেশ যুৱ কংগ্রেছৰ সভাপতি তথা প্রয়াত প্রাক্তন মন্ত্রী অঞ্জন দত্তৰ দুহিতা অংকিতা দত্তলৈ চিবিআই আদালতে সাৰদা কেলেংকাৰি সন্দর্ভত এক চমন জাৰি কৰিছে৷ অহা ৩ ছেপ্টেম্বৰত কলকাতাৰ চিবিআইৰ কার্যালয়ত হাজিৰ হোৱাৰ বাবে জাৰি কৰা এই চমনক লৈ এতিয়া সৃষ্টি হৈছে তীব্র বিতর্কৰ৷

উল্লেখ্য যে সাৰদা কেলেংকাৰিক লৈ ইতিপূর্বে ৰাজ্যৰ ৰাজনীতিত সৃষ্টি হৈছিল তীব্র খলকনি৷ সাৰদাই অসমত দুখন বাতৰিকাকতত বিনিয়োগ কৰিছিল৷ সকালবেলা নামৰ বাংলা বাতৰিকাকতখনৰ লগতে প্রয়াত প্রাক্তন মন্ত্রী অঞ্জন দত্ত স্বত্বাধিকাৰ থকা ‘আজিৰ দৈনিক বাতৰি’ কাকততো ধন বিনিয়োগ কৰিছিল সাৰদাই৷ পৰৱর্তী সময়ত সাৰদা কেলেংকাৰি সন্দর্ভত চিবিআয়ে তদন্ত আৰম্ভ কৰাৰ সময়তে এই দুয়োখন বাতৰিকাকতৰ প্রতিষ্ঠান তদন্তৰ আওতালৈ আহিছিল৷ সেই সময়ত ‘আজিৰ দৈনিক বাতৰি’ কাকত প্রতিষ্ঠানে বিষয়টো সন্দর্ভত এইবুলি স্পষ্টীকৰণ দিছিল যে সকালবেলা নামৰ বাংলা কাকতখন ছপাৰ বাবদহে প্রয়াত নেতা অঞ্জন দত্তৰ মালিকানাধীন প্রতিষ্ঠানে ধন আদায় দিছিল৷ যোৱা দীর্ঘসময় ধৰি সাৰদাৰ কেলেংকাৰিৰ তদন্ত চলি থকাৰ সময়তে হঠাৎ অঞ্জন দত্তৰ দুহিতা অংকিতা দত্তলৈ অধুনালুপ্ত ‘আজিৰ দৈনিক বাতৰি’ কাকতৰ প্রিণ্টার্ছ এণ্ড পাব্লিছার্চৰ নামত অহা এই চমনক লৈ ৰাজনীতি সৃষ্টি হোৱা বুলিও অভিযোগ তুলিছে কংগ্রেছে৷ অৱশ্যে এই বিষয়টোক লৈ এতিয়াও অংকিতা দত্তই কোনো প্রতিক্রিয়া প্রকাশ কৰা নাই৷ অহা ৩ ছেপ্টেম্বৰত অংকিতা দত্ত কলকাতাৰ চিবিআইৰ কার্যালয়ত হাজিৰ হোৱাৰ পাছত এইক্ষেত্রত অধিক তথ্য পোহৰলৈ অহাৰ সম্ভাৱনা আছে৷

You might also like