নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

কংগ্রেছ সভাপতি পদৰ বাবে নির্বাচনত যুঁজিব শশী থাৰুৰে

নিয়মীয়া বাৰ্তা, ৩১ আগষ্ট: আগন্তুক অক্টোবৰত অনুষ্ঠিত হ’বলগীয়া কংগ্রেছৰ সভাপতি নির্বাচনত প্রতিদ্বন্দ্বিতা কৰিব পাৰে দলটোৰ জ্যেষ্ঠ নেতা তথা তিৰুৱনন্তপুৰমৰ সাংসদ শশী থাৰুৰে৷ অৱশ্যে এতিয়াও চূড়ান্ত সিদ্ধান্ত লোৱা নাই নেতাগৰাকীয়ে৷ এক মালায়ালম সংবাদ পত্রই এই তথ্য সদৰী কৰিছে৷ অবাধ আৰু স্বচ্ছ নির্বাচনৰ দাবী তুলিছে সংবাদ পত্রখনে৷ স্মর্তব্য যে ২০২০ চনৰ আগষ্ট মাহত কংগ্রেছৰ সাংগঠনিক সংস্কাৰৰ দাবী তুলি সভানেত্রী ছোনিয়া গান্ধীলৈ ২৩গৰাকী নেতাই পত্র লিখিছিল৷ ইয়াৰ ভিতৰত অন্যতম আছিল প্রবীণ কংগ্রেছ নেতা শশী থাৰুৰ৷

You might also like