নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

স্থিতিত অটল : কেৰেলা সাহিত্য অকাডেমিৰ বঁটা নাকচ সাহিত্যিক এম স্বৰাজৰ

চিপিএমৰ নেতা তথা সাহিত্যিক এম স্বৰাজে কেৰেলা সাহিত্য অকাডেমিৰ বঁটা গ্ৰহণ কৰিবলৈ অস্বীকাৰ কৰি কয় যে তেওঁ সদায় কোনো ধৰণৰ বঁটা গ্ৰহণ নকৰাৰ স্থিতি বজাই ৰাখিছে। ফেচবুক পোষ্টত স্বৰাজে কয় যে তেওঁ অকাডেমিৰ এই ঘোষণাৰ বিষয়ে দিনটোৰ শেষৰ ফালেহে অৱগত হৈছিল, কিয়নো তেওঁ চিপিএমৰ ৰাজ্যিক সমিতিৰ বৈঠকত অংশ লৈছিল।

তেওঁ লিখিছে, ‘মই দীৰ্ঘদিন ধৰি কোনো ধৰণৰ বঁটা গ্ৰহণ নকৰাৰ স্থিতি গ্ৰহণ কৰি আহিছো। পূৰ্বতে যেতিয়া দুই এটা ট্ৰাষ্ট আৰু কমিটীয়ে মোক স্বীকৃতিৰ বাবে বিবেচনা কৰিছিল, তেতিয়া মই ব্যক্তিগতভাৱে তেওঁলোকৰ ওচৰত এই স্থিতি প্ৰকাশ কৰিছিলোঁ। সেই সময়ত ৰাজহুৱা ঘোষণাৰ প্ৰয়োজন নাছিল।”

অৱশ্যে অকাডেমি বঁটাৰ খবৰ ৰাজহুৱা হোৱাৰ লগে লগে স্বৰাজে ৰাজহুৱাভাৱে নিজৰ স্থিতি স্পষ্ট কৰাৰ প্ৰয়োজনীয়তা অনুভৱ কৰা বুলি কয়। জনসেৱাই হওক বা সাহিত্যিক কামেই হওক, মই কেতিয়াও কোনো বঁটা গ্ৰহণ কৰা নাই, আৰু গ্ৰহণ নকৰো। এই স্থিতি পুনৰবাৰ উল্লেখ কৰি অকাডেমিৰ প্ৰতি শ্ৰদ্ধা প্ৰকাশ কৰি তেওঁ লগতে কয়।

স্বৰাজে তেওঁৰ ‘পূক্কালুদে পুস্থকম’ Pookkalude Pusthakam গ্ৰন্থৰ বাবে ৰচনা শাখাত ছিবি কুমাৰ এনডাউমেণ্ট বঁটা লাভ কৰে। তেওঁক বঁটাৰ বাবে নিৰ্বাচিত হোৱাৰ খবৰ ওলোৱাৰ সময়ত ছ’চিয়েল মিডিয়াত তেওঁক সমানে প্ৰশংসা আৰু ট্ৰ’ল কৰা হৈছিল।

Niyomiya Barta Desk, Date of published : 27 June, 2025

You might also like