🔹 এলাহাবাদ উচ্চ ন্যায়ালয়ত অভূতপূর্ব ঘটনা
নিউজ ডেস্ক, ১৩ এপ্রিল : অধিবক্তাৰ নির্ধাৰিত পোছাক পৰিধান কৰাৰ বিপৰীতে বুটাম খোলা কামিজ পিন্ধি আদালতত প্রৱেশ কৰাৰ বাবে এগৰাকী অধিবক্তাক ছমাহৰ কাৰাদণ্ড বিহিছে এলাহাবাদ উচ্চ ন্যায়ালয়ে৷ নিয়ম ভংগ কৰাৰ বাবে অধিবক্তাগৰাকীক কাৰাবাস দিয়াই নহয়, ২০০০ টকাৰ জৰিমনাও বিহিছে৷ উল্লেখ্য যে অশোক পাণ্ডে নামৰ অধিবক্তাজনে ২০২১ চনত অধিবক্তাৰ পোছাক পিন্ধাৰ বিপৰীতে বুটাম খোলা কামিজ পিন্ধি আদালতত হাজিৰ আছিল৷ ন্যায়াধীশে অধিবক্তাজনক আদালত এৰি যাবলৈ নির্দেশ দিয়ে৷ এই নির্দেশৰ পিছতে ন্যায়াধীশক অধিবক্তাজনে গুণ্ডা বুলি মন্তব্য কৰিছিল৷ ইয়াৰ পিছতেই অধিবক্তাজনৰ বিৰুদ্ধে বিচাৰ কৰিবলৈ ন্যায়াধীশজনে আদালত অৱমাননাৰ গোচৰ ৰুজু কৰে৷ এই গোচৰৰ শুনানিৰ অন্তত এলাহাবাদ উচ্চ ন্যায়ালয়ৰ ন্যায়াধীশ বিবেক চৌধুৰী আৰু বিআৰ সিংহই পৰহি অভিযুক্ত অধিবক্তাজনক আদালত অৱমাননা কৰাৰ বাবে দোষী সাব্যস্ত কৰে আৰু ছমাহৰ কাৰাদণ্ড দিয়ে৷ লগতে ২০০০ টকাৰো জৰিমনা বিহে৷ এই ধন নিদিলে অধিবক্তাজনে অতিৰিক্ত এমাহ জে’ল খাব লাগিব৷