নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

লর্ডছ ক্রিকেট ময়দানত ইফতাৰ পাৰ্টী, আজানৰ সুৰ

বিশেষ বাৰ্তা, ২৯ এপ্ৰিলঃ লর্ডছ ক্রিকেট গ্রাউণ্ড মানেই বিশ্ব ক্রিকেটৰ পীঠস্থান। লর্ডছত খেলাৰ যিকোনো আন্তঃর্জাতিক ক্রিকেটাৰৰে স্বপ্ন থাকে। লর্ডছৰ বেলকনিত আছে নানা ইতিহাসৰ জিলিকনি। সেই বেলকনি কিম্বা লং ৰূম ব্যৱহৃত হ’ল ধর্মীয়মূলক অনুষ্ঠানৰ বাবে। ইছলাম ধৰ্মাৱলম্বীৰ ৰমজান উপলক্ষ্যে ইফতাৰ পার্টীৰ ব্যৱস্থা কৰা হৈছিল লর্ডছৰ লং ৰূমত। তাতেই শুনা গৈছিল আজানৰ সুৰ। ইছলাম সম্প্রদায়ৰ অতিথিসকলে নমাজ পর্যন্ত পাঠ কৰিছে। ইংলেণ্ড ক্রিকেট বোর্ড সদায়েই সকলো ধর্মৰ প্রতি শ্রদ্ধা দেখুৱাই আহিছে। ইংলেণ্ডৰ ৰাষ্ট্ৰীয় দলত বহু মুছলিম ক্রিকেটাৰে খেলে। তেওঁলোকৰ প্রতি সম্মান প্ৰদৰ্শন কৰি এইবাৰ ইফতাৰ পার্টীৰ আয়োজন কৰা হয় এই ঐতিহ্যবাহী ক্রিকেট ময়দানত। আটাইতকৈ ডাঙৰ কথাটো হ’ল ইংলেণ্ডৰ নানা প্রান্তত থকা মুছলিম পুৰুষ আৰু মহিলা ক্রিকেটাৰে সেই অনুষ্ঠানত হাজিৰ আছিল। তেওঁলোকক আমন্ত্রণ জনোৱা হৈছিল।

You might also like