নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

ৰাহুল-প্ৰিয়ংকা নহয়, আন এজনক কংগ্ৰেছৰ নেতৃত্ব লোৱাৰ পৰামৰ্শ দিছিল

বিশেষ বাৰ্তা, ২৯ এপ্ৰিলঃ প্রশান্ত কিশোৰৰ কংগ্ৰেছ যোগদানৰ খবৰে মৃতপ্ৰায় দলটোক নতুন গতি দিব বুলি সকলোৱে আশা কৰিছি। কিন্তু দুদিন আগেয়ে কংগ্রেছ আৰু প্রশান্ত কিশোৰে প্রায় একেলগেই টুইট কৰি জনাইছে যে তেওঁলোকৰ আলোচনা ফলপ্রসূ নহ’ল। কংগ্রেছে তেওঁক যি দায়িত্ব ল’বলৈ কৈছিল সেই লৈ আগ্রহ নাই পিকেৰ। কংগ্রেছৰ একাধিক প্রবীণ নেতাই দাবী কৰিছে যে, প্রশান্ত কিশোৰে ছোনিয়া গান্ধীৰ পৰিৱর্তে প্রিয়ংকা গান্ধীক কংগ্রেছৰ সভানেত্রী কৰাৰ পৰামর্শ দিছিল। লগতে ৰাহুল গান্ধীক কংগ্রেছৰ সংসদীয় দলৰ নেতা কৰাৰ বিপৰীতে ছোনিয়া গান্ধীক ইউপিএ-ৰ চেয়াৰপাৰছন পদত থকাৰ পৰামৰ্শও দিছিল। কিন্তু বৃহস্পতিবাৰে টিভি চেনেলত দিয়া সাক্ষাৎকাৰত প্রশান্ত কিশোৰে সেই কথা অস্বীকাৰ কৰিছে। প্রশান্ত কিশোৰৰ মতে, প্রিয়ংকা বা ৰাহুল—দুয়োজনৰ কাকোৱেই কংগ্রেছৰ নেতৃত্ব স্থানত বহাব নালাগে বুলি পৰামর্শ দিছিল তেওঁ। তাৰ বিপৰীতে তেওঁ আন এজনক কংগ্রেছৰ সভাপতি কৰাৰ বাবে পৰামর্শ দিছিল। অৱশ্যে কাৰো নাম তেওঁ উল্লেখ কৰাৰ পৰা বিৰত থাকে।

You might also like