নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

ভয়াবহ বিস্ফোৰণত কঁপি উঠিল লুধিয়ানা আদালত চৌহদ, মৃত ২

নিয়মীয়া বাৰ্তা, ২৩ ডিচেম্বৰঃ সন্মুখত পঞ্জাৱৰ বিধানসভা নিৰ্বাচন। তাৰপূৰ্বে বিস্ফোৰণত কঁপি উঠিল পঞ্জাৱৰ লুধিয়ানা আদালত চৌহদ। খবৰ অনুসৰি তৃতীয় মহলাৰ শৌচালয়ৰ ভিতৰত বিস্ফোৰণটো সংঘটিত হৈছিল। ইতিমধ্যে ঘটনাটোত দুজন লোক নিহত হোৱাৰ খবৰ পোৱা গৈছে। লগতে আহত হৈছে কেইবাজনো লোক। ইফালে চৌহদত ৰখাই থোৱা বাহনবোৰো বেয়াকৈ ক্ষতিগ্ৰস্ত হোৱা বুলি জানিব পৰা গৈছে।

খবৰ অনুসৰি বৃহস্পতিবাৰে দিনৰ প্ৰায় ১২.২২ বজাত বিস্ফোৰণটো সংঘটিত হৈছিল। কিন্তু সৌভাগ্যৰ কথা এয়ে যে বিস্ফোৰণৰ সময়ত আদালতৰ চৌহদ প্ৰায় খালী আছিল, কিয়নো অধিবক্তাসকলে আজি ধৰ্মঘট কৰিছিল। এই সমগ্ৰ ঘটনাটোৰ এটা ভিডিঅ’ ইতিমধ্যে ভাইৰেল হৈ পৰিছে।

উল্লেখ্য যে এই মাহৰ আৰম্ভণিতে দিল্লীৰ ৰোহিনী আদালতত বোমা বিস্ফোৰণ হৈছিল। বিস্ফোৰণটো টিনৰ বাকচত সংঘটিত হৈছিল।

You might also like