নিয়মীয়া বাৰ্তা, ২ জুলাই: শিৱসেনাৰ বিসম্বাদী নেতা একনাথ শিন্দেৰ নেতৃত্বত বিজেপিৰ সৈতে মহাৰাষ্ট্রত চৰকাৰ গঠন হ’লেও শিন্দেৰ যুঁজ শেষ হোৱা নাই৷ মুখ্যমন্ত্রী উদ্ধৱ ঠাকৰেৰ বিৰুদ্ধে বিসম্বাদ চলাই মহা বিকাশ আঘাড়ী চৰকাৰ পতন ঘটোৱাৰ ২৪ ঘণ্টাৰ পাছতেই বিসম্বাদী নেতা একনাথ শিন্দেই মুখ্যমন্ত্রীৰ শপত ল’লেও এতিয়ালৈকে তেওঁৰ সতীর্থ শিৱসেনাৰ বিসম্বাদী বিধায়ক মুম্বাইত উপস্থিত হ’ব পৰা নাই৷ গোৱাত বাহৰ পাতি থকা শিন্দে গোটৰ বিধায়কসকল গোৱাতেই আছে আৰু চৰকাৰে আস্থা ভোটৰ সন্মুখীন হোৱাৰ দিনাহে উভতি অহাৰ সম্ভাৱনা আছে৷ একনাথ শিন্দেই অহা ৪ জুলাইত সংখ্যাগৰিষ্ঠতা প্রতিপন্ন কৰিব লাগিব৷ লক্ষণীয় যে শিন্দেই চৰকাৰ গঠন কৰাৰ পাছতেই প্রথম পদক্ষেপ হিচাপে শিৱসেনাৰ মুৰব্বী উদ্ধৱ ঠাকৰে নেতৃত্বাধীন এম ভি এ চৰকাৰে স্থগিত ৰখা আৰে ৰে’ল প্রকল্পৰ সিদ্ধান্ত প্রত্যাহাৰৰ পদক্ষেপ লৈছে৷ ইপিনে আজি প্রাক্তন মুখ্যমন্ত্রী তথা শিৱসেনাৰ মুৰব্বী উদ্ধৱ ঠাকৰেই মুম্বাইৰ শিৱ ভৱনত সংবাদ মেল আয়োজন কৰে৷ এই সংবাদ মেলত শিৱসেনাৰ পৰা আঁতৰি গৈ বিসম্বাদী নেতা হিচাপে মুখ্যমন্ত্রীৰ শপত লোৱা একনাথ শিন্দেৰ লগতে বিজেপিৰ প্রাক্তন সভাপতি তথা বর্তমান কেন্দ্রীয় গৃহমন্ত্রী অমিত শ্বাহক সমালোচনা কৰে৷ সংবাদ মেলত শিৱসেনাৰ মুৰব্বী উদ্ধৱ ঠাকৰেই কয় যে বিজেপিৰ শীর্ষ নেতা অমিত শ্বাহে যদি ২০১৯ চনত প্রতিশ্রুতি ৰক্ষা কৰিলেহেঁতেন, তেতিয়াহ’লে এম ভি এ কাহানিও গঠন নহ’লহেঁতেন৷ ৰাজ্যখনৰ শেহতীয়া ৰাজনৈতিক পৰিস্থিতি সন্দর্ভত মন্তব্য কৰি ঠাকৰেই কয় যে এতিয়াৰ মুখ্যমন্ত্রী (একনাথ শিন্দে) এগৰাকী শিৱসেনাৰ মুখ্যমন্ত্রী নহয়৷ আনপিনে মুম্বাই আৰে কলনীত মেট্র’ কাৰ ছেড নির্মাণৰ কাৰণে তথাকথিত নতুন চৰকাৰে যি সিদ্ধান্ত লৈছে, সেই সন্দর্ভত ঠাকৰেই কয় যে আৰেত মেট্র’ কাৰ ছেড নির্মাণ কৰি মুম্বাইবাসীক প্রতাৰণা নকৰিব৷ এই মেট্র’ কাৰ প্রকল্পক লৈ মুম্বাইবাসী ক্ষুব্ধ হৈছিল৷ মন কৰিবলগীয়া যে মুখ্যমন্ত্রী উদ্ধৱ ঠাকৰে নেতৃত্বাধীন এম ভি এ চৰকাৰে আৰে কলনীত মেট্র’ কাৰ ছেড নির্মাণ কৰাটো বাতিল কৰিছিল৷ কিয়নো আৰে কলনীত মেট্র’ কাৰ ছেড নির্মাণ কৰিলে বৃহৎ পৰিমাণৰ গছ–গছনিকে ধৰি পৰিৱেশ বিনষ্ট হোৱাৰ বাবে প্রকৃতিপ্রেমীসকলে প্রতিবাদ কৰিছিল৷ তাৰ পৰিপ্রেক্ষিততেই ঠাকৰে নেতৃত্বাধীন চৰকাৰে আৰেৰ পৰা এই ছেড নির্মাণৰ স্থান কানজুৰমার্গলৈ নিয়া হৈছিল৷ ঠাকৰে চৰকাৰৰ এই সিদ্ধান্তক বাতিল কৰি নতুন চৰকাৰে আৰেইতে পুনৰ মেট্র’ কাৰ ছেড নির্মাণৰ পদক্ষেপ ল’ব বিচাৰিছে৷ ই হৈছে ঠাকৰে চৰকাৰৰ সিদ্ধান্তৰ বিৰুদ্ধে প্রতিশোধমূলক পদক্ষেপ৷