নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

পুনৰ ৰাষ্ট্রীয় অভিলেখ ভংগ নীৰজ চোপ্রাৰ

নিয়মীয়া বাৰ্তা, ২ জুলাই:  টকিঅ’ অলিম্পিকৰ পিছত অংশগ্রহণ কৰা প্রতিখন প্রতিযোগিতাতে ইটোৰ পিছত সিটো শ্রেষ্ঠ প্রদর্শন দাঙি ধৰিছে ভাৰতৰ তাৰকা পুৰুষ জেভলিন থ্র’ৱাৰ নীৰজ চোপ্রাই৷ টকিঅ’ অলিম্পিকত স্বর্ণপদক জয় কৰি দেশবাসীক গৌৰৱান্বিত কৰা নীৰজ চোপ্রাই ষ্ট’কহোমত অনুষ্ঠিত সন্মানীয় ডায়মণ্ড লীগ মিটিঙত নতুন ৰাষ্ট্রীয় অভিলেখ গঢ়িবলৈ সক্ষম হৈছে৷ প্রতিযোগিতাখনত অলিম্পিক চেম্পিয়ন নীৰজ চোপ্রাই ৮৯.৯৪ মিটাৰ থ্র’ কৰি দ্বিতীয় স্থান দখলেৰে ৰূপৰ পদক জয় কৰাৰ লগতে নিজে গঢ়া ৰাষ্ট্রীয় অভিলেখ ভংগ কৰিবলৈ সক্ষম হয়৷

ভাৰতীয় তাৰকা জেভলিন থ্র’ৱাৰগৰকীয়ে যোৱা ১৪ জুনত ফিনলেণ্ডত অনুষ্ঠিত পাভ’ নুৰমি গেমছত ৮৯.৩০ মিটাৰ থ্র’ কৰি নতুন ৰাষ্ট্রীয় অভিলেখ গঢ়িছিল যদিও নীৰজ চোপ্রাই ডায়মণ্ড লীগত ৮৯.৯৪ মিটাৰ থ্র’ কৰি পুনৰ নতুন ৰাষ্ট্রীয় অভিলেখ গঢ়ে৷ প্রতিযোগিতাখনত নীৰজ চোপ্রাই প্রথমটো প্রচেষ্টাতে ৮৯.৯৪ মিটাৰ থ্র’ কৰি পদক জয় কৰাটো নিশ্চিত কৰি তুলিছিল৷ ২৪ বছৰীয়া ভাৰতীয় তাৰকা খেলুৱৈগৰাকীয়ে মাত্র ৬ চেণ্টিমিটাৰৰ বাবে ৯০ মিটাৰৰ সীমা অতিক্রম কৰাত ব্যর্থ হয়৷ নীৰজ চোপ্রাই দ্বিতীয়টো প্রচেষ্টাত ৮৪.৩৭ মিটাৰ, তৃতীয়টো প্রচেষ্টাত ৮৭.৪৬ মিটাৰ, চতুর্থটো প্রচেষ্টাত ৮৪.৭৭ মিটাৰ, পঞ্চমটো প্রচেষ্টাত ৮৬.৬৭ মিটাৰ আৰু ষষ্ঠ তথা অন্তিমটো প্রচেষ্টাত ৮৬.৮৪ মিটাৰ থ্র’ কৰিবলৈ সক্ষম হয়৷

মন কৰিবলগীয়া যে টকিঅ’ অলিম্পিকৰ পিছত নীৰজ চোপ্রাই দ্বিতীয়খন প্রতিযোগিতাত ভাগ লয়৷ ১৪ জুনত ফিনলেণ্ডত অনুষ্ঠিত প্রতিযোগিতাখনত নীৰজে ব্রঞ্জৰ পদক জয় কৰিবলৈ সক্ষম হৈছিল৷ ইফালে ডায়মণ্ড লীগত বিশ্ব চেম্পিয়ন গ্রানাডাৰ এণ্ডাৰছন পিটার্ছে ৯০.৩১ মিটাৰ থ্র’ কৰি স্বর্ণ পদক জয় কৰে৷ জার্মানীৰ জুলিয়ান ৱেবাৰে ৮৯.০৮ মিটাৰ থ্র’ কৰি ব্রঞ্জ জয় কৰে৷

You might also like