নিয়মীয়া বাৰ্তা, ১৮ নৱেম্বৰঃ মুছলিম অধ্যুষিত অঞ্চলত ক’ভিড–১৯ ভেকচিনৰ প্রতি অনীহা দূৰ কৰিবলৈ বলীউডৰ ছুপাৰষ্টাৰ ছলমান খানৰ সহায় ল’ব মহাৰাষ্ট্র চৰকাৰে৷ ৰাজ্যখনৰ স্বাস্থ্যমন্ত্রী ৰাজেশ ট’পে সংবাদ মাধ্যমক এই কথা জানিবলৈ দিয়ে৷ তেওঁ কয় যে ক’ভিড–১৯ ভেকচিনক সমগ্র বিশ্বই আঁকোৱালি লোৱাৰ সময়তো কিছুমান মুছলিম অধ্যুষিত অঞ্চলত ভেকচিনক লৈ বিভিন্ন সন্দেহ দেখিবলৈ পোৱা গৈছে৷ সেয়ে ছলমান খান আৰু আন ধর্মীয় নেতাৰ সহায়ত চৰকাৰে মুছলিম সম্প্রদায়ক ভেকচিন ল’বলৈ সৈমান কৰাব বিচাৰিছে৷ জনসাধাৰণৰ মাজত চলচ্চিত্র অভিনেতা আৰু ধর্মীয় নেতাৰ যথেষ্ট প্রভাৱ আছে আৰু তেওঁলোকে ক’ভিড–১৯ ভেকচিনক লৈ সজাগতা চলোৱা উচিত৷
ইফালে, নৱেম্বৰৰ শেষলৈ মহাৰাষ্ট্রত সকলো ব্যক্তিৰ প্রথম ড’জ টিকাকৰণ সম্পূর্ণ হ’ব বুলি স্বাস্থ্যমন্ত্রী ৰাজেশ ট’পে উল্লেখ কৰে৷ তেওঁ পুনৰ কয় যে এতিয়ালৈকে ৰাজ্যখনত ১০.২৫ কোটি ভেকচিন ড’জ দিয়া হৈছে৷ ব্যাপক টিকাকৰণ অভিযানৰ জৰিয়তে ভাৰতবর্ষই ক’ভিড–১৯ৰ তৃতীয় ঢৌ প্রতিহত কৰিবলৈ সক্ষম হ’ব বুলি মহাৰাষ্ট্রৰ স্বাস্থ্যমন্ত্রীগৰাকীয়ে আশা প্রকাশ কৰে৷
ইফালে, ক’ভিড টিকাকৰণ অভিযানত অভিনেতা ছলমান খানক জড়িত কৰিব বিচৰা সিদ্ধান্তৰ বিৰোধিতা কৰিছে বিজেপিৰ নেতা ৰাম কাডমে৷ কেইবাখনো ৰাজ্যত হ’বলগীয়া নির্বাচনৰ প্রতি লক্ষ্য ৰাখি এটা বিশেষ সম্প্রদায়ৰ লোকক আকর্ষিত কৰিবলৈ মহাৰাষ্ট্র চৰকাৰে এই সিদ্ধান্ত লোৱা বুলি বিজেপিৰ নেতাগৰাকীয়ে অভিযোগ তুলিছে৷