নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

জম্মু–কাশ্মীৰ ভ্রমণ নকৰিবলৈ পর্যটকক নির্দেশ আমেৰিকা চৰকাৰৰ

নিয়মীয়া বাৰ্তা, ১৮ নৱেম্বৰঃ ভাৰত ভ্রমণলৈ অহা পর্যটকক জম্মু আৰু কাশ্মীৰলৈ নাযাবলৈ নির্দেশনা দিছে আমেৰিকা চৰকাৰে৷ জম্মু আৰু কাশ্মীৰক সন্ত্রাসজর্জৰ আৰু মহিলাৰ বাবে বিপজ্জনক স্থান আখ্যা দি আমেৰিকা চৰকাৰে এক নির্দেশনা জাৰি কৰিছে৷ ভাৰত–পাকিস্তান সীমান্তৰ ১০ কিলোমিটাৰৰ ভিতৰত যিকোনো স্থান ভ্রমণ নকৰিবলৈ দেশখনৰ নাগৰিকক আমেৰিকাই সকীয়নি দিছে৷ এই অঞ্চলসমূহত সেনাবাহিনী আৰু উগ্রপন্থীৰ মাজত সঘনাই সংঘর্ষ হৈ থাকে বাবেই পর্যটকৰ বাবে এই স্থানসমূহ নিৰাপদ নহয় বুলি নির্দেশনাটোত প্রকাশ পাইছে৷

You might also like