নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

‘আমাৰ কাজিয়াতকৈ মহাৰাষ্ট্রৰ স্বার্থ যথেষ্ট বৃহৎ’

🔹 দুই সম্বন্ধীয় ভায়েক পুনৰ ঐক্যবদ্ধ হোৱাৰ পথত

নিউজ ডেস্ক, ২০ এপ্রিল : ‘মহাৰাষ্ট্রৰ স্বার্থ’ত উদ্ধৱ থাকৰে আৰু ৰাজ থাকৰেৰ কাজিয়াৰ অৱসান ঘটিবলৈ গৈছে! ২০০৫ চনত শিৱসেনা ত্যাগ কৰি পৃথকে দল গঢ়াৰ সিদ্ধান্ত লৈছিল ৰাজ থাকৰেই৷ ২ দশক পিছত গৃহযুদ্ধৰ অৱসান ঘটিবলৈ ওলাইছে৷ এইবাৰ পুনৰ মিলন! দুয়োজনে মাৰাঠা আৱেগ আৰু সংস্কৃতিৰ প্রশ্ণত ঐক্যবদ্ধ হোৱাৰ বার্তা দিছে৷ শেহতীয়াকৈ পৃথকে পৃথকে শিৱসেনাৰ নেতা উদ্ধৱ থাকৰে আৰু মহাৰাষ্ট্র নৱনির্মাণ সেনা (এমএনএছ)ৰ নেতা ৰাজ থাকৰেৰ তৰফৰ পৰা গৃহযুদ্ধ পাহৰি যোৱাৰ বাবে বার্তা দিয়া দেখিবলৈ পোৱা গৈছে৷ অর্থাৎ মহাৰাষ্ট্রৰ স্বার্থত দুই সম্বন্ধীয় ভায়েক পুনৰ ঐক্যবদ্ধ হ’ব৷ দুয়োগৰাকীয়ে উল্লেখ কৰিছে যে মহাৰাষ্ট্রৰ ভাষাগত আৰু সাংস্কৃতিক স্বার্থ তেওঁলোকৰ ৰাজনৈতিক প্রতিদ্বন্দ্বিতাৰ ঊর্ধ্বত৷ মহেশ মঞ্জেকাৰৰ প’ডকাষ্ট চেনেলৰ সাক্ষাৎকাৰত ৰাজ থাকৰেই কয়– ‘উদ্ধৱ আৰু মোৰ মাজৰ কাজিয়া গৌণ৷ মহাৰাষ্ট্র ইয়াতকৈ বহুত ডাঙৰ বিষয়৷ আমাৰ দূৰত্বৰ বাবে মহাৰাষ্ট্র আৰু মাৰাঠা জনগণে মূল্য ভৰিবলগীয়া হৈছে৷ এই মুহূর্তত আমি ঐক্যবদ্ধ হোৱাটো কঠিন নহ’ব৷ ইচ্ছা কৰিলেই আমি মহাৰাষ্ট্রৰ বৃহত্তৰ স্বার্থত ঐক্যবদ্ধ হ’ব পাৰিম৷’ একেদৰে উদ্ধৱ থাকৰেই এখন জনসভাত উল্লেখ কৰিছে যে বৃহত্তৰ মহাৰাষ্ট্রৰ স্বার্থত সৰু সৰু বিবাদ ত্যাগ কৰি মাৰাঠা জনসাধাৰণ ঐক্যবদ্ধ হ’ব লাগিব৷ সেই সময় সমাগত বুলিও উদ্ধৱ থাকৰেই ইংগিত দিছে৷

You might also like