নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

‘মই নিজেই মৰিম, কিন্তু তাক মৰিবলৈ নিদিও’

পৰিয়ালৰ লোকৰ বাবেই নহয়, প্রশাসনৰ বাবেও দুঃস্বপ্ন হৈ উঠিছে মাৰাত্মক ভাইৰাছ কভিড-১৯।ক’ভিড–১৯ৰ দ্বিতীয় জোৱাৰত মৃত্যুৰ বিভীষিকাই এনে এক পর্যায়লৈ নিছে যে শ্মশানত এতিয়া মৃতদেহ সৎকাৰৰ বাবে ঘণ্টাই ঘণ্টাই অপেক্ষা কৰিবলগীয়া হৈছে৷

এই পৰিস্থিতিত মোহনলালে একমাত্ৰ মাস্কখন তেওঁৰ মুখত নিপিন্ধি তেওঁৰ মৰমৰ পোহনীয়া কুকুৰটোক পিন্ধাইছিল। যাৰ পাছতে তেওঁৰ এই প্ৰেম সামাজিক মাধ্যমত ভাইৰেল হৈ পৰিল।

ভাইৰেল হোৱা ভিডিঅ’টোত দেখা গৈছে, মোহনলাল নামৰ এই লোকজনৰ কান্ধত আছে তেওঁৰ প্রিয় কুকুৰটো। যাৰ মুখখন ঢকা আছে মাস্কেৰে। মোহনলাল হৈছে এজন দৰিদ্ৰ মানুহ। দেহত মলিন পোচাক।

এজন লোকে তেওঁৰ মুখত মাস্ক কিয় নাই বুলি সোধাত তেওঁ হাঁহিটোৰ সৈতে ক’লে, “মই মৰি যাম, কিন্তু মই তাক মৰিবলৈ নিদিওঁ। সি মোৰ সন্তানৰ দৰে।”

You might also like