নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

প্লাষ্টিক ভক্ষণ কৰা Mushroom আৱিষ্কাৰ, খাব পাৰে মানুহেও

নিয়মীয়া বাৰ্তা, ১৯ এপ্ৰিলঃ প্লাষ্টিক এতিয়া মানৱ জীৱনৰ বাবে আশীৰ্বাদৰ পৰা অভিশাপলৈ ৰূপান্তৰ হৈছে। প্ৰদূষণৰ লগতে সাগৰীয় জীৱকুললৈও প্লাষ্টিকে মাতি আনিছে বিপদ।

এনে অৱস্থাত আছে এটা ভাল খবৰ। সেয়া হ’ল পৃথিৱীত আৱিষ্কাৰ হৈছে প্লাষ্টিক খোৱা কাঠফুলা। এই কাঠফুলা বা mushroomৰ নাম হৈছে পেষ্টালোটিঅ’পছিছ মাইক্ৰ’স্পোৰা। এই কাঠফুলাই প্লাষ্টিকৰ সামগ্ৰী, পলিউৰেথেন খায় আৰু জৈৱিক পদাৰ্থলৈ ৰূপান্তৰিত কৰে।

কাঠফুলাবিধক ভৱিষ্যতে প্লাষ্টিক আৱৰ্জনাৰ পৰা পৰিত্ৰাণ পাবলৈ অধিক ব্যৱহাৰ কৰিব পৰা যাব। এই কাঠফুলাক জৈৱিক সাৰ হিচাপেও ব্যৱহাৰ কৰিব পাৰি।

বিশেষজ্ঞসকলৰ মতে, ভৱিষ্যতে এনে কাঠফুলাই পৃথিৱীখন পৰিষ্কাৰ কৰাত এক গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিব পাৰে। য়েল বিশ্ববিদ্যালয়ৰ বিজ্ঞানীয়ে আৱিষ্কাৰ কৰা কাঠফুলাবিধ বৰ্তমান কেৱল আমাজন অৰণ্যতহে পোৱা যায়। গুৰুত্বপূৰ্ণ বিষয় এয়াই যে এনে কাঠফুলা মানুহেও খাব পাৰে।

You might also like