নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

লিংগ বৈষম্য আঁতৰোৱাৰ লক্ষ্যৰে পুনেত দৰাই পিন্ধিলে মংগলসূত্র

নিয়মীয়া বাৰ্তা, ৮ মে: আধুনিক বিজ্ঞান আৰু প্রযুক্তিবিদ্যাৰ জয়জয় ময়ময় অৱস্থাতো লিংগ বৈষম্য বিষয়টো সমাজৰ পৰা নির্মূল হোৱা নাই৷ চৰকাৰৰ লগতে বেচৰকাৰী সংগঠনসমূহেও লিংগ বৈষম্য আঁতৰ কৰাৰ বাবে অনেক পদক্ষেপ গ্রহণ কৰি আছে৷ তৎসত্ত্বেও লিংগ বৈষম্য এক সামাজিক ব্যাধি ৰূপেই চর্চিত৷ এনে সময়তে লিংগ বৈষম্য আঁতৰ কৰাৰ লক্ষ্যৰে পুনেৰ দৰা এজনে অভিনৱ পদক্ষেপ গ্রহণ কৰিছে৷ দৰাজনৰ এই পদক্ষেপক লৈ কইনাৰ লগতে পৰিয়াল, আত্মীয়–স্বজন হতবাক হৈ পৰিছে৷ পুনেৰ শ্বার্দুল কাদম নামৰ যুৱক এজনে বিবাহৰ সময়ত দৰাৰ সাজত পিন্ধি লৈছিল মংগলসূত্র৷ নিয়মানুসৰি এই মংগলসূত্র মহিলাইহে পৰিধান কৰে৷ শ্বার্দুল কাদমে বিয়াৰ সময়ত তেওঁৰ কইনা তনুজা আনকি তেওঁলোকৰ পৰিয়ালৰ কাকো নোকোৱাকৈ বিয়াৰ দিনা মংগলসূত্র পৰিধান কৰে৷ বিবাহৰ সময়ত এইলৈ তীব্র প্রতিক্রিয়াৰ সৃষ্টি হয় যদিও দৰা কাদমে সকলো চম্ভালি লৈ কয়– আমি ইজনে সিজনৰ কামক সমর্থন কৰোঁ৷

ইজনে সিজনৰ সপোনক বিশ্বাস কৰো৷ ইজনে সিজনৰ যাত্রাৰ সংগী হম৷ গতিকে পৃথিৱীয়ে কি ভাবে তাক লৈ তেওঁ কোনো ধৰণৰ গুৰুত্ব নিদিয়ে৷ দৰা কাদমৰ এই ধৰণৰ মন্তব্যই হিউমেনছ অৱ ব’ম্বেত প্রকাশ হোৱাৰ লগতে মংগলসূত্র পৰিধান কৰাৰ আলোকচিত্র ছ’চিয়েল মিডিয়াত প্রচাৰ হোৱাৰ লগতে ভাইৰেল হৈ পৰে৷ দৰাই মংগলসূত্র পৰিধান কৰা বিষয়টোক লৈ ছ’চিয়েল মিডিয়াত আনকি তীব্র প্রতিক্রিয়াৰো সৃষ্টি হৈছে৷ এখন বাতৰিকাকতত আনকি এই সন্দর্ভত ‘দৰাই মংগলসূত্র পিন্ধিছে’ শীর্ষক বাতৰিও প্রচাৰ হৈছে৷ ছ’চিয়েল মিডিয়াত একাংশ লোকে শ্বার্দুল কাদমৰ পদক্ষেপক কঠোৰ ভাষাৰে সমালোচনা কৰি মন্তব্য কৰিছে৷ এনে হৈ গৈ থাকিলে এদিন দৰাই শাড়ী পিন্ধি বিয়াত বহিব৷

You might also like