নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

কেন্দ্রক নির্দেশ ছুপ্রিম ক’ৰ্টৰ: দিল্লীক ৭০০ মেট্রিকটন অক্সিজেন যোগান ধৰক

নিয়মীয়া বাৰ্তা, ৮ মে: ক’ভিড–১৯ সংকটৰ সময়ত দিল্লীত প্রতিদিনে ৭০০ মেট্রিকটন মেডিকেল অক্সিজেন যোগান ধৰিবলৈ কেন্দ্রীয় চৰকাৰক নির্দেশ দিছে উচ্চতম ন্যায়ালয়ে৷ দেশৰ ৰাজধানী দিল্লীত অক্সিজেনৰ নাটনিৰ বাবে চিকিৎসালয়ত হাহাকাৰ পৰিস্থিতি হোৱাৰ প্রসংগৰে উচ্চতম ন্যায়ালয়ত দিল্লীৰ আপ চৰকাৰে আবেদন দাখিল কৰিছে৷

দিল্লীৰ আপ চৰকাৰে উচ্চতম ন্যায়ালয়ত আজি পুৱা ৯ বজালৈকে ৮৬ মেট্রিকটন আৰু ট্রেনজিটত ১৬ মেট্রিকটন থকা বুলি উল্লেখ কৰাৰ পাছতেই সর্বোচ্চ ন্যায়ালয়ৰ বিচাৰপীঠে কেন্দ্রীয় চৰকাৰক প্রতিদিনে ৭০০ মেট্রিকটন অক্সিজেন দিল্লীক দিবলৈ কঠোৰ নির্দেশ দিয়ে৷ ন্যায়াধীশ ডি ৱাই চন্দ্রচূড় আৰু এম আৰ শ্বাহৰ বিচাৰপীঠে প্রতিদিনে দিল্লীত ৭০০ মেট্রিকটন অক্সিজেন যোগান ধৰিবলৈ নির্দেশ দিয়ে৷ পৰৱর্তী নির্দেশ নিদিয়ালৈকে কেন্দ্রীয় চৰকাৰে এই যোগান অব্যাহত ৰাখিব লাগিব৷

You might also like