নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

মহামাৰী নিয়ন্ত্রণত ব্যর্থ মোদী চৰকাৰ

নিয়মীয়া বাৰ্তা, ৮ মে: কেন্দ্রীয় চৰকাৰৰ ক’ভিড–১৯ নীতিক কঠোৰ ভাষাৰে সমালোচনা কৰিছে কংগ্রেছৰ অন্তর্ৱর্তীকালীন সভানেত্রী ছোনিয়া গান্ধীয়ে৷ ক’ভিড নীতিক লৈ প্রত্যক্ষভাৱে প্রধানমন্ত্রী নৰেন্দ্র মোদীক আক্রমণৰ লক্ষ্য কৰি লৈ ছোনিয়া গান্ধীয়ে মহামাৰীৰ সৈতে মোকাবিলা কৰাৰ ক্ষেত্রত মোদী চৰকাৰ বিফল হোৱাই নহয়, জনতাক সুৰক্ষা দিবলৈও ব্যর্থ হৈছে৷ তদুপৰি পৰিস্থিতি সন্দর্ভত শীঘ্রেই সর্বদলীয় বৈঠক আহ্বান জনাবলৈও ছোনিয়া গান্ধীয়ে দাবী জনাইছে৷

কংগ্রেছৰ সভানেত্রীগৰাকীয়ে কয় যে ক’ভিড–১৯ মহামাৰীৰ সৈতে যুঁজখন ৰাজনৈতিক নহয়৷ দেশ এখনৰ হৈ সকলোৱে একেলগে যুঁজিব লাগিব৷ কংগ্রেছৰ সংসদীয় দলৰ বৈঠকত দেশৰ ক’ভিড–১৯সৃষ্ট পৰিস্থিতিক লৈ আলোচনা কৰাৰ অন্তত ছোনিয়া গান্ধীয়ে এনেদৰে মোদী চৰকাৰক আক্রমণৰ লক্ষ্য কৰি লয়৷ ক’ভিড পৰিস্থিতি নিয়ন্ত্রণৰ ক্ষেত্রত চৰকাৰ ব্যর্থ হোৱা বুলি উল্লেখ কৰি সভানেত্রীগৰাকীয়ে কয়– এই কথা জলজল স্পষ্ট যে ব্যৱস্থা বিফল হোৱা নাই৷ মোদী চৰকাৰে গঠনমূলকভাৱে ভাৰতৰ শক্তি আৰু সম্পদক সঠিক ৰূপত ব্যৱহাৰ কৰিবলৈ সক্ষম হোৱা নাই৷ মই স্পষ্টকৈ কওঁ যে ভাৰত বর্তমান ৰাজনৈতিক নেতৃত্বৰ দ্বাৰা ক্ষত–বিক্ষত হৈছে৷ জনতাৰ কাৰণে জনপ্রতিনিধিৰ কোনো সহমর্মিতা নাই৷ আমাৰ দেশৰ জনতাৰ বাবে মোদী চৰকাৰ সম্পূর্ণভাৱে ব্যর্থ হৈছে৷

লক্ষণীয় যে সভানেত্রীগৰাকীয়ে এই কথাও কয় যে ক’ভিড–১৯ৰ বিৰুদ্ধে যুঁজ চৰকাৰ বনাম কংগ্রেছ নহয়৷ কিন্তু কংগ্রেছ বনাম ক’ৰোনা যুঁজ৷

You might also like