🔹 কেন্দ্রীয় গৃহমন্ত্রী অমিত শ্বাহৰ ঘোষণা
নিউজ ডেস্ক, ২৬ আগষ্ট : ২০২৬ চনৰ ভিতৰত দেশৰ পৰা নিশ্চিহ্ণ হ’ব মাওবাদী৷ ছত্তিশগড়ত এই দাবী কৰিলে কেন্দ্রীয় গৃহমন্ত্রী অমিত শ্বাহে৷ ছত্তিশগড়ৰ মুখ্যমন্ত্রী বিষ্ণু দেউ ছাইৰ সৈতে বৈঠকৰ পাছতে কেন্দ্রীয় গৃহমন্ত্রীগৰাকীয়ে এখন সংবাদ মেলত কয় যে মাওবাদীৰ বিৰুদ্ধে যুদ্ধ এতিয়া অন্তিম পর্যায়ত চলি আছে৷ চূড়ান্ত আক্রমণৰ সময় আহি পৰিছে৷ ২০২৬ চনৰ মার্চৰ ভিতৰত দেশৰ পৰা মাওবাদ নির্মূল হ’ব বুলিও মন্তব্য কৰে কেন্দ্রীয় গৃহমন্ত্রীগৰাকীয়ে৷ গৃহমন্ত্রী অমিত শ্বাহে এই কথাও উল্লেখ কৰে যে মাওবাদীৰ সৈতে মোকাবিলা কৰিবলৈ ইতিমধ্যে বিভিন্ন পৰিকল্পনা গ্রহণ কৰিছে কেন্দ্রীয় চৰকাৰে৷ আন্তঃৰাজ্য সমন্বয় বৈঠকত ছত্তিশগড়ৰ মুখ্যমন্ত্রীৰ উপৰি উপস্থিত আছিল ৰাজ্যখনৰ আৰক্ষীৰ শীর্ষ বিষয়াসকল৷ পাৰ্শ্বৱর্তী ৰাজ্যসমূহত মুখ্য সচিবসহ প্রশাসনিক শীর্ষ বিষয়াসকলো উপস্থিত আছিল এই বৈঠকত৷ বৈঠকত মূলতঃ মাওবাদী অধ্যুষিত অঞ্চলসমূহত কেন্দ্র আৰু ছত্তিশগড় চৰকাৰৰ পৰিকল্পনা বাস্তৱায়িত কৰাৰ বিভিন্ন দিশৰ ওপৰত আলোচনা কৰা হয়৷