নিয়মীয়া বাৰ্তা, ১৬ অক্টোবৰঃ দেশৰ ভিতৰত প্রথম ৰাজ্য হিচাপে মধ্যপ্রদেশৰ ১৩খন চৰকাৰী চিকিৎসা মহাবিদ্যালয়ত হিন্দী ভাষাত এমবিবিএছ পাঠ্যক্রম আৰম্ভ হ’ব৷ ১৩খন চৰকাৰী চিকিৎসা মহাবিদ্যালয়ৰ প্রথম বর্ষ শিক্ষার্থীক হিন্দী ভাষাত এমবিবিএছৰ তিনিটা বিষয় এনাট’মী, ফিজি’লজি আৰু বায়’কেমেষ্ট্রি শিকোৱা হ’ব৷ কেন্দ্রীয় গৃহমন্ত্রী অমিত শ্বাহে হিন্দী ভাষাত চিকিৎসা বিজ্ঞানৰ পাঠ্যক্রম কাইলৈ আনুষ্ঠানিকভাৱে মুকলি কৰিব৷ মধ্যপ্রদেশৰ মুখ্যমন্ত্রী শিৱৰাজ সিং চৌহানে প্রকাশ কৰা মতে, হিন্দী ভাষাত চিকিৎসা বিজ্ঞান আৰু অভিযান্ত্রিক পাঠ্যক্রম শিকিব নোৱাৰা ধাৰণাটো সম্পূর্ণৰূপে পৰিৱর্তন আনিব৷ মন কৰিবলগীয়া যে ভূপালৰ গান্ধী চিকিৎসা মহাবিদ্যালয়ত চলিত বর্ষৰ ফেব্রুৱাৰী মাহত হিন্দী ভাষাত চিকিৎসা বিজ্ঞানৰ পাঠ্যক্রমৰ ইংৰাজী গ্রন্থসমূহৰ সু–পৰিকল্পিতভাৱে অনুবাদ কৰা হয় আৰু এইবোৰক সু–শৃংখলিতভাৱে পাঠ্যক্রমত সন্নিৱিষ্ট কৰা হৈছে৷