🔹 হাতত প্লেকার্ড লৈ অতিষ্ঠ স্বামী, প্রতিবাদকাৰীয়ে দাবী কৰিলে ‘পুৰুষ আয়োগ’
নিউজ ডেস্ক, ৩০ ডিচেম্বৰ : ‘পুৰুষসকল এটিএম নহয়৷’ গুজৰাটৰ পথত এনে প্লেকার্ড হাতত লৈ প্রতিবাদ সাব্যস্ত কৰিছে এদল পুৰুষে৷ প্রতিবাদী লোকসকলে দাবী কৰিছে যে তেওঁলোক পত্নীৰ দ্বাৰা অত্যাচাৰিত৷ বিভিন্ন ক্ষেত্রত অন্যায়ভাৱে মহিলাসকলে আইনৰ সুযোগ গ্রহণ কৰে৷ এই পৰিস্থিতিৰ পৰিৱর্তন বিচাৰিছে বিক্ষোভকাৰী পুৰুষসকলে৷ মহিলা আয়োগৰ দৰে পুৰুষৰ বাবেও সুকীয়া আয়োগৰ দাবী তুলিছে বিক্ষোভকাৰী লোকসকলে৷ কিছুদিন পূর্বে বেংগালুৰুত অভিযন্তা অতুল সুভাষৰ আত্মহত্যাৰ ঘটনাই দেশজুৰি প্রতিক্রিয়াৰ সৃষ্টি কৰিছে৷ পত্নীৰ বিৰুদ্ধে আতিশয্য, একাধিক ভুৱা গোচৰত ফচোৱাৰ অভিযোগ তুলিছিল অতুলে৷ সেই ঘটনাক সন্মুখত ৰাখিয়েই গুজৰাটত ‘প্রতিৰোধ’ গঢ়ি তুলিব বিচাৰিছে নির্যাতিত পুৰুষসকলে৷ বিক্ষোভকাৰীসকলৰ বক্তব্য হৈছে- অকল মহিলাসকলেই নহয়, সমাজত পুৰুষসকলো নির্যাতনৰ বলি তথা নিগৃহীত হৈ থাকিবলগীয়া হৈছে৷ কিন্তু অন্যায় কৰিলেও মহিলাসকলে সদায় ৰেহাই পাই অহা বুলি অভিযোগকাৰী লোকসকলে সংবাদ মাধ্যমক জনাইছে৷ গতিকে সমাজত এনে ব্যৱস্থাৰ পৰিৱর্তন ঘটাব লাগে বুলি দাবী কৰিছে প্রতিবাদী পুৰুষসকলে৷ বিক্ষোভকাৰীসকলে এই অভিযোগো কৰিছে যে পুৰুষসকলে কোনোদিনে ন্যায় লাভ নকৰে৷ শেহতীয়াকৈ গুজৰাটৰ চুৰাটত সংঘটিত এই বিক্ষোভে সংবাদ মাধ্যমত ব্যাপক চর্চা লাভ কৰিছে৷ লক্ষণীয় বিষয়টো হৈছে- পুৰুষসকলক মহিলাই কেৱল ধন যোগান ধৰা এটিএম হিচাপে ব্যৱহাৰ কৰা বুলি প্রতিবাদকাৰী পুৰুষসকলে অভিযোগ কৰিছে৷